মহে কামুৰাৰ বাবেই চাকৰিৰ পৰা নিলম্বিত হ'ল কৰ্মচাৰী Credit: প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক– মহৰ কামুৰ খোৱাৰ বাবেই চাকৰিৰ পৰা নিলম্বন কৰা হ’ল এজন কৰ্মচাৰীক। ঘটনাটো ঘটিল মধ্য প্ৰদেশত। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক মহে কামুৰাৰ বাবেই চাকৰিৰ পৰা তেওঁ নিলম্বন কৰিলে এজন অভিযন্তাক।

ঘটনা অনুসৰি, দেশ কঁপোৱা মধ্য প্ৰদেশৰ সিধীৰ বাছ দুৰ্ঘটনাৰ স্থান পৰিদৰ্শনৰ বাবে ১৭ফেব্ৰুৱাৰীত ৰাওঁনা হৈছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। সিধীস্থিত আৱৰ্ত ভৱনত নিশা কটাই মুখ্যমন্ত্ৰীগৰাকীয়ে। আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰীগৰাকীয়ে শান্তিৰে টোপনি যাব নোৱাৰিলে আৰু ইয়াৰ পৰিনাম ভুগিব লগা হ’ল জিলা প্ৰশাসনে। প্ৰকৃততে আৱৰ্ত ভৱনত মহে টোপনিত ব্যাঘাত জন্মালে শিৱৰাজ সিং চৌহানৰ।

ইমানেই নহয় কোনোমতে মন্ত্ৰীগৰাকীৰ টোপনি আহিব ধৰিছিলহে তেতিয়াই আকৌ সৃষ্টি হয় আন এক সমস্যাৰ। আৱৰ্ত ভৱনটোৰ পানী টেংকি ভৰ্ত্তি হৈ হোৰাহোৰে পৰিব ধৰিলে পানী। পুৱা ৪বজাত আৱৰ্ত ভৱনৰ পানী টেংকিৰ পানী অভাৰফ্লু হোৱাৰ পিছত মটৰৰ চুইচ বন্ধ কৰিবলৈও মন্ত্ৰী গৰাকী নিজেই উঠি যাব লগা হ’ল । এই অনাহুত পৰিস্থিতিৰ মুখামুখি হৈ ক্ষোভিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বাবুলাল গুপ্তা নামৰ এজন অভিযন্তাক নিলম্বিত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply