আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কেবাগৰাকীও তাৰকা

নিউজ ডেস্ক– পঞ্চ তাৰকা হোটেলৰ ক্লাৱত চলিছিল নৈশ পাৰ্টী। ক্লাবত কোনো লোকেই কৰোণাৰ নীতি নিৰ্দেশনা পালন কৰা নাছিল। কাৰো মুখত নাছিল মাস্ক, মনা নাছিল কোনেও সামাজিক দূৰত্ব। পুৱতি নিশালৈ চলা এই পাৰ্টীত অংশ লৈছিল বলীউদৰ বহুকেইজন তাৰকাই ।

নৈশ কাৰ্ফিউ ভংগ কৰি এইদৰে পাৰ্টী কৰাৰ অভিযোগত মুম্বাইৰ আৰক্ষীয়ে জে ডব্লিউ মেৰিয়ট হোটেলৰ ক্লাবৰ পৰা আটক কৰে ক্ৰিকেটাৰ সুৰেশ ৰাইনা, ছুজান খান, জনপ্ৰিয় কণ্ঠশিল্পী গুৰু ৰন্ধৱাসহ ৩৪ গৰাকী লোকক।

বৃটেইনত কৰোণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰা পিছতেই উদ্ধৱ চৰকাৰে সমগ্ৰ মহাৰাষ্ট্ৰতে নিশা ১১ বজাৰ পৰা পুৱা ৬বজালৈকে নৈশ কাৰ্ফিউ জাৰি কৰে। পিছে নৈশ কাৰ্ফিউ থকাৰ পাছতো পাৰ্টিত মগ্ন আছিল আঢ্যৱন্ত ঘৰৰ যুৱতীসহ তাৰকাকেইগৰাকী।২০২১ চনৰ ৫ জানুৱাৰী লৈকে জাৰি থাকিব এই নিয়ম।

৩৪ জন লোকৰ ওপৰত আই পি চিৰ ১৮৮,২৬৯,৩৪ ধাৰাত গোচৰ ৰুজু কৰা হয় ।

সম্প্ৰতি তাৰকা কেইগৰাকীসহ সকলো আটকাধীন লোকে বেইল লাভ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply