নিউজ ডেস্ক– কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লাখভি-ই-তৈবাৰ অপাৰেচন কামাণ্ডাৰ জাকি-উৰ ৰহমান লাখভিক গ্ৰেপ্তাৰ। সন্ত্ৰাসবাদ প্ৰতিৰোধী বিভাগে(CTD) পাকিস্তানত গ্ৰেপ্তাৰ কৰে লাখভিক। ২০০৮ চনৰ ২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল জাকি-উৰ ৰহমান লাখভি।
26/11 Mumbai attack mastermind Zakiur Rehman Lakhvi arrested in Pakistan for terror financing, reports ARY News
— ANI (@ANI) January 2, 2021
দীৰ্ঘদিনধৰি লাখভিয়ে ধন যোগান ধৰি সন্ত্ৰাসবাদীক সহায় কৰি আহিছিল। এই অপৰাধত পঞ্জাৱ সন্ত্ৰাসবাদ প্ৰতিৰোধী বিভাগে(CTD) অভিযান চলাই গ্ৰেপ্তাৰ কৰে লাখভিক। পিছে পাকিস্থানৰ কোন ঠাইৰ পৰা সন্ত্ৰাসবাদীটোক আক্ৰমণ কৰা হৈছে এই সন্দৰ্ভত একো তথ্য় জনোৱা নাই CTDয়ে। উল্লেখ্য় যে ২০১৫ চনৰ পৰা জামিনত আছিল জাকি-উৰ ৰহমান লাখভি।