দক্ষিণ শালমাৰা – দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত শনিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ ফুটবল দলৰ সৈতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলা আৰক্ষী ফুটবল দলৰ এখন বন্ধুত্ব ফুলবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত অসম আৰক্ষীৰ হাতত পৰাস্ত হয় মেঘালয় আৰক্ষী। ২-০ গলৰ ব্যৱধানত জয়ী হয় দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী ফুটবল দল।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে জিলাখনত অসম আৰু মেঘালয় আৰক্ষীৰ মাজত প্ৰীতি ফুলবল খেল অনুষ্ঠিত হয়। খেলতখনত জিলা উপায়ুক্ত গুৰাদ্বীপ সিং পানেশ্বৰ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া, অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুম, জিলা সহকাৰী আৰক্ষী অধীক্ষক ফাৰুক আহমেদকে ধৰি স্থানীয় বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।
অসম আৰু মেঘালয় প্ৰশাসনৰ মাজত সম্পৰ্ক উন্নত কৰাৰ উদ্দেশ্যে দুই ৰাজ্যৰ জিলা আৰক্ষী ফুটবল দলৰ মাজত ফুটবল প্ৰীতি খেল অনুষ্ঠিত কৰা হয়। খেলখনত দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলা আৰক্ষী দলক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। অসম মেঘালয়ৰ এই প্ৰীতি খেলখনে স্থানীয় খেলপ্ৰেমী ৰাইজৰ মাজত আমোদ দিয়া পৰিলক্ষিত হয়।
খেলৰ অন্তত জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া কয় যে কেৱল দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী আৰু মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলা আৰক্ষীয়ে নহয়, সমগ্ৰ অসমৰ আন্তৰাজ্যিক সীমান্তবৰ্তী এলেকাত এইদৰে দুই ৰাজ্যৰ জিলা আৰক্ষীৰ মাজত প্ৰীতি ফুলবল যোৱা কিছুদিন ধৰি চলি আছে। আগন্তক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে চুবুৰীয়া ৰাজ্য সমূহৰ আৰক্ষী প্ৰশাসনৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ উদ্দেশ্যে এই খেলৰ আয়োজন কৰা হৈছে বুলি আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াই জানিবলৈ দিয়ে।