মেঘালয়ৰ কয়লা খনিত জীৱন্তে সমাধিস্থ অসমৰ শ্ৰমিক

শ্বিলং – মেঘালয়ৰ কয়লা খনিত পুনৰ ভয়াবহ দুর্ঘটনা। মেঘালয়ৰ কয়লা খনিত জীৱন্তে সমাধিস্থ হৈছে ৬ জনকৈ শ্ৰমিক। সমাধিস্থ হোৱা ৬ জন শ্ৰমিক অসমৰ। শ্ৰমিক সকল অসমৰ কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ পৰা গৈছিল কয়লা খনিত কাম কৰিবলৈ গৈছিল।

পুনৰ মেঘালয়ৰ কয়লা খনিত সংঘটিত হৈছে ভয়াবহ দুৰ্ঘটনাত। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এক কয়লা খনিত জীৱন্তে সমাধিস্থ হৈছে ৬ জনকৈ শ্ৰমিক। সমাধিস্থ হোৱা শ্ৰমিক সকল অসমৰ। অসমৰ কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ পৰা শ্ৰমিক সকল জয়ন্তীয়া পাহাৰৰ কয়লা খনিত কাম কৰিবলৈ গৈছিল।

বৃহস্পতিবাৰে নিশা শ্ৰমিক সকল কয়লা খনিত আবদ্ধ হৈ জীৱন্তে সমাধিস্থ হয়। শ্ৰমিক সকল সমাধিস্থ হোৱাৰ পিছত কয়লা খনিৰ মালিকে শ্ৰমিক সকল বাংলাদেশী বুলি মন্তব্য প্ৰকাশ কৰি সমাধিস্থ শ্ৰমিক সকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল বুলি অভিযোগ উথাপিত কৰিছে অন্য শ্ৰমিক সকলে।

পৰৱৰ্তী সময়ত ঘটনা সংক্ৰান্তত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কয়লা খনিত আৱদ্ধ হৈ মৃত্যু হোৱা শ্ৰমিক সকলৰ মৃতদেহ উদ্ধাৰ কৰে। মেঘালয়ৰ বিভিন্ন অঞ্চলত থকা অবৈধ কয়লা খনিত দৰিদ্ৰতাৰ বাবে অসমৰ বহু লোক শ্ৰমিক হিচাপে কাম কৰিবলৈ যায়। ২০১৮ চনতো মেঘালয়ৰ এক অবৈধ কয়লা খনিত অসমৰ ১৫ জনকৈ শ্ৰমিকৰ মৃত্যু হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply