নিউজ ডেস্ক – বাৰে বাৰে জনতাৰ ৰোষৰ বলি হ’ব লগা হৈছে জে ডি ইউ দলৰ অধ্যক্ষ নীতিশ কুমাৰ। অধ্যক্ষ গৰাকী বিভিন্ন সময়ত বিভিন্ন সমালোচনাৰো সন্মুখীন হ’ব লগা হৈছে।
জে ডি ইউৰ অধ্যক্ষ গৰাকী এইবাৰ সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে অধিষ্ঠিত হ’বলৈ গৈ আছে।
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল ‘এইয়াই মোৰ শেষ নিৰ্বাচন’ ।
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীক কঠোৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে।
লকডাউন সময়ৰ পৰা নিৰ্বাচনৰ সময়লৈকে মুখ্যমন্ত্ৰী গৰাকী বিভিন্ন কটু সমালোচনাৰে থকা -সৰকা কৰা হৈছে। বিহাৰ সভা নিৰ্বাচনী ৰেলীত ভাগ লোৱা সময়ত তেওঁৰ গা লৈ পিয়াঁজো নিক্ষেপ কৰা হৈছিল।
লকডাউনৰ সময়ত প্ৰৱাসী শ্ৰমিকক ঘূৰাই অনা সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘আপোনালোকে এইটো নাজানে চাগে লকডাউনৰ সময়ত আমি কি প্ৰচেষ্টা হাতত লৈছিলো। আমি বিহাৰৰ বাবে ইমান কাম কৰিলো কিন্তু কোনোবাই মিছা অপবাদ বিয়পাইছে। গতিকে এই ক্ষেত্ৰত আমি কি কৰিম ।’
উল্লেখ্য যে বিহাৰ বিধান নিৰ্বাচনৰ ফলাফলত ২৪৩ খন আসনৰ ভিতৰত এন ডি এ মিত্ৰজোঁটে ১২৫ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে ।তেজস্বী যাদৱৰ নেতৃত্বত বিপক্ষ দল ৰাষ্ট্ৰীয় জনতা দলে ৭৫ খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে স্বীকৃতি লাভ কৰিছে।
নিৰ্বাচনৰ ফলাফলৰ শেষমুহূৰ্তত তেজস্বী যাদৱে কৈছিল , ‘নীতিশ কুমাৰে অন্তৰাত্মাৰ আৱাজ শুনি এতিয়া পদত্যাগ দি দিব লাগে কাৰণ জনসাধাৰণো তেওঁৰ বিৰুদ্ধে ।’
সংবাদমাধ্যমে নীতিশ কুমাৰক সপ্তমবাৰ মুখ্যমন্ত্ৰী হোৱাৰ সন্দৰ্ভত যেতিয়া সোধে তেতিয়া তেওঁ কয়,’এই সিদ্ধান্ত এন ডি এ মহাজোঁটবন্ধনৰ নেতা সকলে কৰিব। ‘
এতিয়া এই সন্দৰ্ভতো বিভিন্ন জনে প্ৰশ্নৰ উত্থাপন কৰি নেতা গৰাকীক সমালোচনা কৰিছে।
প্রাক্তণ মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰে বাৰে এইদৰে ককৰ্থনাৰ সন্মুখীন হ’ব লগা হোৱাত জনতাক হাতযোৰ কৰি কয় , ‘ অনুগ্ৰহ কৰি মোক অভিমানী বুলি নক’ব।মই কেতিয়াও দাবী কৰা নাই যে মইয়ে মুখ্যমন্ত্ৰী হ’ম।’
লগতে নীতিশ কুমাৰে কয় ,’ শেষ নিৰ্বাচন মানেই পদৰ পৰা পদত্যাগ কৰা নহয়।’
বিশেষকৈ কৰোণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়ত তেওঁৰ মৌনতাৰ বাবে তেওঁৰ লগতে তেওঁৰ দলীয় সকলো নেতা সাৰ্বজনিক ভাৱে ৰোষৰ বলি হ’ব লগা হৈছিল।