নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে দেশজুৰি চলি থকা লাউডস্পিকাৰ বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ প্ৰশ্ন কৰে যে- যেতিয়া লাউডস্পিকাৰ নাছিল, তেতিয়া ভগৱান নাছিল নেকি?

এটা টুইট কৰি তেজস্বী যাদৱে প্ৰশ্ন কৰিছে যে- ‘লাউডস্পিকাৰক লৈ বিতৰ্ক কৰা সকলক প্ৰশ্ন কৰিব বিচাৰিছো যে- ১৯২৫চনত লাউডস্পিকাৰৰ আৱিষ্কাৰ কৰা হৈছিল আৰু ভাৰতৰ মন্দিৰ-মছজিদত ইয়াৰ ব্যৱহাৰ ৭০ দশকৰ সময়ত আৰম্ভ হৈছিল। কিন্তু যেতিয়া লাউডস্পিকাৰ নাছিল, কেতিয়া ভগৱান বা আল্লা নাছিল নেকি? লাউডস্পিকাৰ অবিহনে প্ৰাৰ্থনা, আৰাধনা, ভজন, সাধনা হোৱা নাছিল নেকি?’

আন এটা টুইটত আৰ জে ডি নেতাগৰাকীয়ে লিখিছে- ‘প্ৰকৃততে যিসকলে ধৰ্ম আৰু কৰ্মৰ অৰ্থ বুজি নাপায়, তেওঁলোকেই বিনা কাৰণত এইবোৰ বিষয়ৰ ওপৰত ধাৰ্মিক ৰঙত সানে। ভগৱান আমাৰ সকলো অংগতে আছে। প্ৰতিটো ক্ষণত, প্ৰতিটো অনুত আছে। কোনো ধৰ্ম বা ঈশ্বৰক লাউডস্পিকাৰৰ প্ৰয়োজন নাই।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply