নিউজ ডেস্ক– বৃহস্পতি বাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’য়ে ভাৰতৰ ৪২ সংখ্যক যোগাযোগ উপগ্ৰহটো উৎক্ষেপন কৰে। বিয়লি ৩বাজি ৪১ মিনিটত শ্ৰী হৰিকোটাৰ পৰা চি এম এছ-০১ নামৰ উপগ্ৰহটো পি এছ এল ভি-চি ৫০ ৰকেটৰ সহায়ত উৎক্ষেপন কৰে।
— ISRO (@isro) December 17, 2020
এই উপগ্ৰহে ভাৰত, আন্দামান- নিকোবৰ আৰু লাক্ষাদ্বীপক আৱৰি থকা চি বেণ্ডত সেৱা প্ৰদান কৰিব বুলি আশা কৰা হৈছে৷ লগতে দুৰ্যোগ ব্যৱস্থাপনা আৰু ইণ্টাৰনেট সংযোগত সহায় কৰিব পাৰিব বুলি জানিব পৰা গৈছে৷ কভিড মহামাৰীৰ সময়ত এইয়া হৈছে দ্বিতীয় উৎক্ষেপন।