নিউজ ডেস্ক– লাডাখত বৰফাবৃত হ্ৰদৰ ওপৰত উৰিল গণতন্ত্ৰ দিৱসৰ পতাকা। সমগ্ৰ দেশৰ লগতে লাডাখতো আইটিবিপিৰ জোৱান সকলে উদযাপন কৰিলে ৭২ সংখ্যক গণতন্ত্ৰ দিৱস।
লাডাখৰ ১৭হাজাৰ ফুট উচ্চতাত -২৫ ডিগ্ৰী ছেলছিয়াছ তাপমাত্ৰাত বৰফে আবৰা এটা হ্ৰদত জোৱান সকলে উত্তোলন কৰিলে গণতন্ত্ৰ দিৱসৰ পতাকা।

भारत माता की जय !
वन्दे मातरम…Indo-Tibetan Border Police (ITBP) men and women with national flag at Ladakh heights celebrating #Republic Day 2021 at 17,000 feet. Temperature is minus 25 degree Celsius.#RepublicDay2021 #RepublicDay #RepublicDayIndia pic.twitter.com/dCw5HoE6FR
— ITBP (@ITBP_official) January 26, 2021
প্ৰচণ্ড শীতৰ মাজত গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰা ভিডিঅ’ ‘ভাৰত-তিব্বত সীমা সুৰক্ষা বাহিনী’ য়ে টুইটাৰত আপল’ড কৰাৰ পাছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। প্ৰায় ৪,৮০০ হাজাৰ লোকে ভিডিঅ’টো প্ৰত্যক্ষ কৰে। শতাধিক লোকে লাইক, কমেন্টো কৰে। ‘ভাৰত-তিব্বত সীমা সুৰক্ষা বাহিনী’ক ছেলু্য়ট জনাই টুইট কৰে বহুতে।
উল্লেখ্য় যে এইবাৰ গণতন্ত্ৰ দিৱসত দিল্লীৰ ৰাজপথত প্ৰথমবাৰৰ বাবে লাডাখৰ প্ৰতীকপট প্ৰদৰ্শিত হ’ল।