নিউজ ডেস্ক– ভাৰতৰ ৰাজনীতিৰ পটভূমিৰ জনপ্ৰিয় নেতা, বিহাৰৰ প্ৰাক্তণ মুখ্য়মন্ত্ৰী তথা প্ৰাক্তণ ৰেলমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱস্থা পূৰ্বতকৈ কিছু সুস্থিৰ। RIMS ৰ চিকিৎসকে জনালে এই কথা।
বৃহস্পতিবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল নেতাগৰাকী। শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ পিছতে অসুস্থ হৈ পৰা লালু প্ৰসাদ যাদৱক ৰাঁচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউত অৱ মেডিকেল চায়েঞ্চ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।তেখেতৰ কভিড টেষ্টৰ ফলাফল নিগেটিভ অহাৰ লগতে আন আন পৰীক্ষা সমূহো কৰা হৈছে। হাওঁফাওঁত ইনফেকচন হোৱাৰ কাৰণে লালু প্ৰসাদ যাদৱ অসুস্থ হৈ পৰা বুলি চিকিৎসকে মন্তব্য় কৰিছে। চিকিৎসকৰ এটা দলে নজৰত ৰাখিছে নেতাগৰাকীক।
উল্লেখ্য় যে আৰজেডিৰ প্ৰমুখ্য় লালু প্ৰসাদ যাদৱক ২০১৭ চনৰ ২৩ নৱেম্বৰ তাৰিখে গ্ৰেপ্তাৰ কৰিছিল। বিগত তিনিবছৰ ধৰি কাৰাগাৰত কটাইছে লালু প্ৰসাদ যাদৱে।
উচ্চ ন্যায়ালয়ৰ শুনানিৰ পূৰ্বেই স্বাস্থ্যৰ অৱনতি ঘটিছে লালু প্ৰসাদ যাদৱৰ।