নিউজ ডেস্কঃ ইউক্ৰেইনত এতিয়াও আৱদ্ধ হৈ আছে হাজাৰ হাজাৰ ভাৰতীয় নাগৰিক। কিন্তু ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনৰ একাংশ বিমান বন্দৰ নষ্ট হোৱাৰ লগতে বাকীবোৰ বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে। সেয়েহে দেশখনৰ পৰা বহু ভাৰতীয় নাগৰিক এতিয়াও স্বদেশলৈ ঘূৰি আহিব পৰা নাই।
তাৰ মাজতে এই ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ পৰা ঘূৰাই অনা অভিযান আৰু অধিক তীব্ৰগতিত চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সোমবাৰে গ্ৰহণ কৰে এক বিশেষ সিদ্ধান্ত।
কেন্দ্ৰই সিদ্ধান্ত লৈছে যে- চাৰিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে হৰদীপ পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰেণ ৰিজিজু আৰু ভি কে সিঙক বিশেষ দূত ৰূপে ইউক্ৰেইন চুবুৰীয়া ৰাষ্ট্ৰসমূহত উপস্থিত হ’ব। এই কেন্দ্ৰীয় মন্ত্ৰী কেইগৰাকী ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ পৰা ঘূৰাই অনা অভিযানত সহায় কৰাৰ বাবে ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ যাব।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত এক উচ্চস্তৰীয় বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। এই বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ লগতে বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে। এই বৈঠকখনত ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ প্ৰথমে ভাৰতীয় নাগৰিকসকলক আনি তাৰ পৰা ভাৰতলৈ ঘূৰাই অনাৰ বিষয়ত আলোচনা কৰা হয়।