পৰ্য্যায়ক্ৰমে ৰাজহুৱা খণ্ডৰ বেংকসমূহ ব্যক্তিগতকৰণৰ দিশত আহবাঢ়িছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ।

প্ৰথম পৰ্য্যায়ত চৰকাৰে দুটা ৰাজহুৱা খণ্ডৰ বেংকক ব্যক্তিগতখণ্ডত গটোৱাৰ সম্ভাৱনা আছে।

এই সন্দৰ্ভত আলোচনাৰ বাবে অহা ১৪ এপ্ৰিলত নীতি আয়োগ, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা।

বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি নীতি আয়োগে চাৰিৰ পৰা পাঁচটা ৰাজহুৱা খণ্ডৰ বেংকৰ নাম প্ৰস্তাব কৰিছে। উক্ত বৈঠকত এই সম্পৰ্কত আলোচনা কৰা হ’ব।

প্ৰতিবেদনখনত উল্লেখ কৰা মতে ব্যক্তিগতকৰণৰ তালিকাত থকা বেংকসমূহ হৈছে বেংক অৱ মহাৰাষ্ট্ৰ, ইণ্ডিয়ান অভাৰচিজ বেংক, ইউকো বেংক, বেংক অৱ ইণ্ডিয়া আৰু চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া।

ইয়াৰে যিকোনো দুটা বেংকৰ নাম প্ৰথমটো পৰ্য্যায়ত নিৰ্ণয় কৰা হ’ব।

উল্লেখযোগ্য যে ব্যক্তিগতকৰণক অগ্ৰাধিকাৰ দি অহা মোদী চৰকাৰে এইবাৰৰ বাজেটত বেংকসমূহৰ ব্যক্তিগতকৰণৰ কথা ঘোষণা কৰিছিল।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট অধিৱেশনত দুটা ৰাজহুৱা খণ্ডৰ বেংক আৰু এটা সাধাৰণ বীমা কোম্পানীৰ ব্যক্তিগতকৰণৰ প্ৰস্তাৱ দিছিল।

বৰ্তমান দেশত ১২ টা ৰাজহুৱা খণ্ডৰ বেংক আছে। নীতি আয়োগৰ মতে ভাৰতীয় ষ্টেট বেংককে ধৰি শেহতীয়াকৈ একত্ৰিত কৰা বেংকবোৰক  ব্যক্তিগতকৰণৰ আওতাৰ বাহিৰত ৰখা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply