নিউজ ডেস্ক- বিপদে লগ নেৰা হৈছে দেশবাসীক। বিশ্বজুৰি কৰোণা ভাইৰাছৰ তাণ্ডৱৰ পাছতেই এইবাৰ আকৌ আগমণ ঘটিছে এবিধ নতুন ৰোগৰ।

শ্বাইগেলা নামৰ এই ৰোগবিধৰ লক্ষণ হৈছে জ্বৰ, পেটৰ বিষ,ডায়েৰিয়া। ইতিমধ্য়ে কেৰেলাত এই ৰোগত আক্ৰান্ত হৈছে কে’বাজনো। কেৰেলাৰ কোঝিকোট জিলাত এটি এগৰাকী ১১ বছৰীয়া কিশোৰৰ দেহত এই ৰোগত আক্ৰান্ত হৈ মৃত্য়ু মুখত পৰে।

কেৰেলাৰ এৰনাকুলামতো এগৰাকী ৫৬ বয়সীয়া মহিলা এই ৰোগত আক্ৰান্ত হয়। মহিলাগৰাকীক ২৩ ডিচেম্বৰত জ্বৰত আক্ৰান্ত হোৱাৰ কাৰণে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ইয়াৰ পাছতে ডেৰ বছৰীয়া এটি শিশুৰ পেটৰ বিষ আৰু ডায়েৰীয়া ৰোগত আক্ৰান্ত হোৱাত শিশুটোক হস্পিতালত ভৰ্তি কৰোৱা হয়। শিশুটিৰ দেহত এই ৰোগৰ উপস্থিতি ধৰা পৰে।

এই বীজাণুৱে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰবাবে শ্বাইগেলাৰ ৰোগীয়ে সঘনাই চাবোনেৰে হাত ধোৱা অথবা পানীৰে হাত ধোৱা, পৰিস্কাৰ – পৰিচ্ছন্নতা বৰ্তাই ৰাখিব লাগে।

এই ৰোগৰ ভাইৰাছ খাদ্য় আৰু পানীৰ জৰিয়তে বিয়পে বুলি স্বাস্থ্য় বিভাগে জনায়। ৰাজ্য়খনৰ স্বাস্থ্য়মন্ত্ৰী কে কে শ্বেলজাই সকলোকে সতৰ্কতাৰ অৱলম্বন কৰাৰ লগতে সজাগ হ’বলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply