নিউজ ডেস্ক– কৃষক আন্দোলনৰ সমৰ্থনত যোৱা সময়চোৱাত আপৰ দুজনকৈ বিধায়কে সদনৰ মজিয়াত বিৰ্তকিত ৩খন আইনৰ প্ৰতিলিপি ফালি পেলোৱাৰ পিচত দিল্লী বিধান সভাৰ মজিয়াত একেই কাম কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
৩খনকৈ আইন বিধানসভাৰ মজিয়াতে ফালি কেন্দ্ৰক আহ্বান কৰিলে যে, কৃষকসকলৰ ক্ষেত্ৰত ইংৰাজে কৰা অত্যাচাৰত কৈও আপোনালোক তললৈ নানামিব |
মুখ্যমন্ত্ৰী কেজৰিৱালে স্পষ্টকৈ বিধানসভাত ঘোষণা কৰে যে, আম আদমী পাৰ্টিয়ে এই আইন বাতিলৰ বাবে আহ্বান জনোৱাৰ লগতে কৃষকসকলক ক্ষেত্ৰত কঠোৰ নহবলৈ আহ্বান জনাই আহিছে আৰু জনাই যাব কেন্দ্ৰীয় চৰকাৰক । কেন্দ্ৰই কৃষকসকলৰ দাবীক গুৰুত্ব দিয়া উচিত। এতিয়ালৈকে বহুজন কৃষকৰ মৃত্যু হৈছে এই প্ৰতিবাদী কাৰ্যসূচীত।