সপ্তম বাৰৰ বাবে বিহাৰৰ মুখ্য়মন্ত্ৰী হিচাবে শপত ল'ব নীতিশ কুমাৰে

নিউজ ডেস্ক– জেডিইউ দলৰ অধ্য়ক্ষ নীতিশ কুমাৰে আজি সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্য়মন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব। নীতিশ কুমাৰৰ উপৰি জেডিইউৰ পৰা বিজেন্দ্ৰ প্ৰসাদ যাদৱ, ভিআইপিৰ পৰা মুকেশ ছাহানী, হামৰ মুৰব্বী জিতন ৰাম মাঝিৰ পুত্ৰ আৰু এমএলচি ডাঃ সন্তোষ সুমনে মন্ত্ৰীপদৰ শপত গ্ৰহণ কৰিব। ইয়াৰ উপৰি প্ৰেম কুমাৰ, মহেশ্বৰ হাজাৰীও শপত গ্ৰহণ কৰিব।

শপত গ্ৰহণ অনুষ্ঠান বহিস্কাৰ কৰিলে আৰ জে ডি য়ে। এই অনুষ্ঠানৰ বাবে তেজস্ৱী যাদৱক নিমন্ত্ৰণ কৰা হৈছিল কিন্তু অনুষ্ঠানত উপস্থিত নাথাকিব তেজস্বী যাদৱ।

কংগ্ৰেছে এই অনুষ্ঠানৰ নিমন্ত্ৰণ লাভ নকৰিলে বুলি অভিযোগ কৰি বিহাৰ কংগ্ৰেছৰ অধ্য়ক্ষ মদন মোহন ঝায়ে কয় , ‘এতিয়া লৈকে মোৰলৈ কোনো নিমন্ত্ৰণ আহা নাই। যদি আহেও মই এই অনুষ্ঠানত উপস্থিত নাথাকো।

পাটনাস্থিত ৰাজভৱনত অনুষ্ঠিত হোৱা শপত গ্ৰহণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি ৰাষ্ট্ৰীয় অধ্য়ক্ষ জে পি নড্ডায়ো। আবেলি ৪বজাৰ পৰা হব এই কাৰ্যসূচী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply