নিউজ ডেস্ক : দেশত ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত আছে। নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌ। ইতিমধ্যে প্ৰতিদিনে দেশত ক’ভিডত আক্রান্ত হৈ আছে কেইবা লক্ষাধিক লোক। মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ ক’ভিড ৰোগী। সংক্ৰমণ ইমানেই সংহাৰী ৰূপ ধাৰণ কৰিছে যে চিকিৎসালয় সমূহত ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাৰ লগতে নাটনি ঘটিছে অক্সিজেনৰ।
ৰাজধানী দিল্লী, মহাৰাষ্ট্ৰৰ লগতে উত্তৰ প্ৰদেশৰ পৰিস্থিতি অতিকৈ শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে। এইবাৰ ক’ভিডত আক্রান্ত হোৱা উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানৰ শাৰীৰিক অৱস্থা শোচনীয় হৈ পৰা বুলি জানিব পৰা গৈছে। ক’ভিডত আক্রান্ত হোৱাৰ পিছত আজম খানক মেডান্তা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আজম খানৰ শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাত উত্তৰ প্ৰদেশৰ ৰামপুৰ লোকসভাৰ সমাজবাদী পাৰ্টীৰ সাংসদ গৰাকীক আই চি ইউত ভৰ্তি কৰোৱা হয়।
উল্লেখ্য যে আজম খান উত্তৰ প্ৰদেশৰ সীতাপুৰ কাৰাগাৰত বন্দী হৈ আছে। আজম খান ৫০ টাকৈও অধিক গোচৰ ৰুজু হৈ থকাৰ বাবে সমাজবাদী পাৰ্টীৰ সাংসদ গৰাকী কাৰাবন্দী হৈ আছে। আজম খানৰ পুত্ৰও ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে। আজম খানৰ পুত্ৰৰ শাৰীৰিক অৱস্থা সুস্থ হৈ আছে যদিও আজম খানৰ শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পাইছে।