নিউজ ডেস্ক– দীৰ্ঘদিন ধৰি নানা নিৰ্যাতনৰ বলি হৈ অহা ৰোহিংগা শৰণাৰ্থীক এইবাৰ সাগৰৰ মাজত সংস্থাপন দিয়াৰ চিন্তা-চৰ্চা কৰিছে বাংলাদেশ চৰকাৰে। চট্টগ্ৰামৰ পৰা প্ৰায় ৩৪ কিলোমিটাৰ দূৰত্বৰ সাগৰৰ মাজৰ ভাষান চৰ দ্বীপত সংস্থাপন দিব ৰোহিংগ্য়া শৰণাৰ্থীক।
শৰণাৰ্থীসকলৰ সংস্থাপনৰ বাবে ইতিমধ্য়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বাংলাদেশ চৰকাৰে। ভাষান চৰ দ্বীপত শৰণাৰ্থীসকলৰ বাবে বাংলাদেশ চৰকাৰে বাসস্থানৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে।

ইতিমধ্য়ে প্ৰায় ১৮০০ শৰণাৰ্থী ভাষান চৰ দ্বীপলৈ ৰাওঁনা হৈছে। উল্লেখ্য় যে জনবসতিহীন এই দ্বীপটোত ৰোহিংগা শৰণাৰ্থী সকলেই বাস কৰা প্ৰথম লোক হ’ব।

সোমবাৰে কক্স বজাৰস্থিত শিবিৰৰ পৰা ৩০ খন বাছেৰে ১৮০০ শৰণাৰ্থীক চট্টগ্ৰামলৈ লৈ গৈছে। চট্টগ্ৰামৰ পৰা নাওঁৰে ভাষান চৰ দ্বীপলৈ লৈ যোৱা হৈছে শৰণাৰ্থী সকলক।উল্লেখ্য় যে ৰোহিংগা শৰণাৰ্থী সকলে নিজ ইচ্ছা মতেই দ্বীপলৈ যাত্ৰা কৰিছে।
ৰোহিংগা শৰণাৰ্থী সকলৰ সন্তান সকলৰ শিক্ষাৰ বাবেওঁ বাংলাদেশ চৰকাৰে চিন্তা-চৰ্চা কৰিছে। প্ৰথম পৰ্যায়ত ইউনিছেফ আৰু বাংলাদেশ চৰকাৰৰ সহযোগত প্ৰায় ১০হাজাৰ শিক্ষাৰ্থীক ম্য়ানমাৰৰ ইতিহাস আৰু সংস্কৃতিৰ ওপৰত ১৪বছৰ বয়সৰ শিক্ষাৰ্থীৰ লৈকে পাঠদান দিয়াৰ চিন্তা-চৰ্চা কৰিছে। পিছলৈ কিছুমান বিশেষ বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হ’ব। যাতে ভৱিষ্য়তে নিজ দেশ ম্য়ানমাৰ ঘূৰি গ’লেও চৰকাৰী চাকৰি কৰাৰ সুযোগ লাভ কৰে।