পৃথিৱীৰ দিশে আহি আছে এটা বৃহৎ গ্ৰহাণু

নিউজ ডেস্ক- পৃথিৱীৰ দিশে আহি আছে এটা বৃহৎ গ্ৰহাণু। এই বছৰৰ ২১ মাৰ্চত পৃথিৱীৰ একেবাৰে কাষলৈ আহিব গ্ৰহাণুটো। নাছাই এই গ্ৰহাণুৰ নাম দিছে Asteroid 2001 FO32। আৰ্থ স্কাইত প্ৰকাশিত তথ্য অনুসৰি প্ৰতি ছেকেণ্ডত ৩৪.৪ কিলোমিটাৰ বেগত গ্ৰহাণুটো আহি আছে।

এই গ্ৰহাণু সম্ভৱত আটাইতকৈ ডাঙৰ আৰু দ্ৰুততম গ্ৰহাণু। ২০০ বছৰৰ পিছত পৃথিৱীৰ একেবাৰে কাষলৈ আহিব গ্ৰহাণুটো।

২০৫২ চনৰ ২২ মাৰ্চত পুনৰ দেখা যাব Asteroid 2001 FO32ক।বিজ্ঞানীৰ অনুমান, ২১ মাৰ্চৰ পিছত আকৌ ৩১ বছৰৰ পিছত অর্থাৎ ২০৫২ চনৰ ২২ মাৰ্চত পুনৰ দেখা যাব Asteroid 2001 FO32ক। Asteroid 2001 FO32ৰ আছে এক ইতিহাস। প্ৰথমবাৰলৈ ২০০১ চনৰ ২৩ মাৰ্চত এই গ্ৰহাণু আবিষ্কাৰ কৰিছিল Lincoln Near-Earth Asteroid Research-এ।

FO32 গ্ৰহাণুটো সকলোতকৈ ডাঙৰ আৰু দ্ৰুততম । খালী চকুৰে দৃশ্যমান নহ’ব এই গ্ৰহাণুটো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply