প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক– ‘মা’ শব্দৰ আঁৰতেই নিহিত হৈ আছে সমগ্ৰ বিশ্বৰ সুখৰ ভঁড়াল। মাতৃৰ বুকুৰ মাজতেই কান্দোন বন্ধ হয় ক্ষুধাৰ্ত শিশুৰ। মমতাময়ী মাতৃৰ বুকুৰ উমতেই জীৱনৰ সুৰক্ষা বিচাৰি পাই সন্তানে। মাতৃৰ কোলাতেই মূৰ থৈ একোলা-দুকোলাকৈ বাঢ়ি আহে এটি সন্তান।। পিছে কিমান নৃশংস হ’লে এগৰাকী মাতৃয়ে নিজ সন্তানক হত্য়া কৰিব পাৰে?

ইংলেণ্ডত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। ইংলেণ্ডৰ নাটিংহামছেৰত এগৰাকী সুৰাপায়ী মাতৃয়ে উতলা পানী ঢালিলে নিজৰ সন্তানক। হত্য়াকাৰী মাতৃগৰাকীৰ নাম কেটি কাউদাৰ।

প্ৰায় এঘন্টা সময় ছটফটাই থাকি মৃত্য়ুক সাবটি ললে ১৯ মহীয়া গ্ৰেছি কাউদাৰে। ঘটনা অনুসৰি কণমানি গ্ৰেছি বাথটাবত বহি আছিল। অত্য়াধিক সুৰাপান কৰি থকা মাতৃয়ে উতলা গৰম পানী ঢালি দিয়ে কন্য়া সন্তানটিৰ গাত। মদৰ নিচাত মহিলাগৰাকী পুনৰ ঘৰুৱা কৰ্মত ব্য়স্ত হৈ যায়। সন্তানটিয়ে মৃত্য়ুৰ লগত যুঁজি যুঁজি অৱশেষত মৃত্য়ুক সাবতি লয়।

এই ঘটনা সন্দৰ্ভত আদালতে হত্য়াকাৰী মহিলাগৰাকীক আজীৱন কাৰাদণ্ড ঘোষণা কৰে। পোষ্ট মৰ্টেম ৰিপৰ্ট অনুসৰি সন্তানটোৰ প্ৰায় ৬৫% জ্বলি যায়। কণমানি গ্ৰেছীৰ মুখমণ্ডল আৰু শৰীৰত বহু পৰিমাণে গৰম পানী ঢালে মাতৃয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply