সেমেকা শীতে কপাইছে ভাৰত

নিউজ ডেস্ক– আকাশৰ বুকু ভেদি ধীৰ গতিৰে নামি আহিছে প্ৰচণ্ড শীত। শীতৰ আচ্ছাদনে দুবৰিত মেলি দিছে ক্লান্ত নিয়ৰৰ দলিছা। শীতৰ প্ৰকোপে দহিছে সমগ্ৰ উত্তৰ ভাৰত। সেমেকা শীতে কপাইছে দেশৰ বিভিন্ন প্ৰান্ত। কেন্দ্ৰীয় বতৰ বিজ্ঞানে জনোৱা তথ্য অনুসৰি বিগত কিছুদিন ধৰি উত্তৰ ভাৰতত অভাৱনীয় ভাৱে বৃদ্ধি পাইছে শীত।

গুলমাৰ্গত বৰফৰ শুভ্ৰ চাদৰ

দেশৰ অন্য়তম পৰ্যটনস্থলী গুলমাৰ্গক এতিয়া ঢাকি ধৰিছে বৰফৰ শুভ্ৰ চাদৰে। প্ৰচণ্ড শীতে কঁপাই যোৱা দেশৰ অন্যতম শীতপ্ৰধান এই অঞ্চলটোৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -৬ ডিগ্ৰী চেলছিয়াছ। জন্মু আৰু কাশ্মীৰ কাজীগুণ্ডৰ অতি প্ৰত্যন্ত গ্ৰাম্যাঞ্চল বাণীহালটোকো কঁপাইছে প্ৰচণ্ড শীতে। অঞ্চলটোৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -০.৪ ডিগ্ৰী ছেলছিয়াছ।

নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ ৰাজধানী লেহত এইবাৰো পৰিছে প্ৰচণ্ড শীত। বৰ্তমানৰ লেহৰ সৰ্বনিম্ন উষ্ণতা হৈছে -১৩ ডিগ্ৰী চেলছিয়াছ। লেহক দেশৰ ভিতৰতে অন্যতম শীতপ্ৰধান ঠাই হিচাবে জনা যায়। জন্মু আৰু কাশ্মীৰ ৰাজধানী চহৰ শ্ৰীনগৰত চলিছে শীতৰ ৰাজত্ব । চহৰখনৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -৫ ডিগ্ৰী চেলছিয়াছ।

ইফালে জন্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাৰ ব্ৰেং ভেলীৰ ক’কেৰ্নাগকো কঁপাই তুলিছে প্ৰচণ্ড শীতে। চহৰখনৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -৪ ডিগ্ৰী ছেলছিয়াছ।

হিমাচলৰ কল্পাত পৰিছে প্ৰচণ্ড শীত

ইফালে হিমাচল প্ৰদেশৰ চুটলেজ নৈ উপত্যকা কল্পাটো পৰিছে প্ৰচণ্ড শীত। উপত্যকাটোত বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -০.৬ ডিগ্ৰী। হিমাচল প্ৰদেশৰ কেইলাঙতো পৰিছে প্ৰচণ্ড শীত। মালানী-লেহ ৰাষ্ট্ৰয় ঘাইপথৰ কাষত থকা কেইলঙৰ বৰ্তমান সৰ্বনিম্ন উষ্ণতা হৈছে -৭.৭ ডিগ্ৰী চেলছিয়াছ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply