নিউজ ডেস্ক– বহু চৰ্চিত উত্তৰ প্ৰদেশৰ হাথৰছত এগৰাকী দলিত ছোৱালীৰ লগত হোৱা গেং ৰেপৰ ঘটনাত লগত জড়িত ৪ জন অভিযুক্তৰ ওপৰত চিবিআইয়ে গেং ৰেপ আৰু হত্যাৰ গোচৰ ৰুজু কৰিছে। তদন্তকাৰী সংস্থা চিবিআইয়ে শুকুৰবাৰে এই ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰিছে।
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ হাথৰছৰ ১৪ চেপ্তেম্বৰত ২০ বছৰীয়া এজনী দলিত যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছিল। কেইজনমান যুৱকৰ ওপৰত ছোৱালী জনীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। দিল্লীত চিকিৎধীন হৈ থকা অৱস্থাত মৃত্যু হোৱাৰ পিছত ৩০ চেপ্তেম্বৰত হাথৰছতে সংবাদ মাধ্যমৰ গোপনে সৎকাৰ কৰা হৈছিল। ইয়াৰ পিছত সংবাদ মাধ্যমক ধৰ্ষণৰ বলী হোৱা ছোৱালী গৰাকীৰ পৰিয়ালৰ পৰা আতৰাই ৰখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল |
চিবিআইয়ে দাখিল কৰা অভিযোগনামাত ৪জন চাৰিজন অভিযুক্ত হ’ল সন্দীপ, লৱকুশ, ৰবি আৰু ৰামু | এই চাৰিওজনৰ ওপৰতে বলাৎকাৰ আৰু হত্যাৰ গোচৰ ৰুজু কৰিছে চিবিআইয়ে।