হাৰিয়ানাত পাঁচজনক গুলীয়াই হত্যা Credit: মল্লযুঁজৰ প্ৰশিক্ষকে গুলীয়ালে তিনি প্ৰশিক্ষকসহ পাঁচ জনক

নিউজ ডেস্ক: হাৰিয়ানৰ ৰোহটকত শুকুৰবাৰে সন্ধিয়া এটা মল্লযুঁজৰ প্ৰশিক্ষণকেন্দ্ৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।গুলী চালনাত ৫ জন লোক নিহত হোৱাৰ বিপৰীতে আন বহুজন আহত হৈছে। আঘাত প্ৰাপ্তসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলৰ ভিতৰত এগৰাকী তিনিবছৰীয়া শিশুও আছে।

ৰোহটকৰ আৰক্ষী অধীক্ষক ৰাহুল শৰ্মাই প্ৰকাশ কৰা অনুসৰি, ঘটনাত আহতসকলক ইতিমধ্যে চিকিৎসাৰ বাবে হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, অনুশীলনত মল্লযুঁজ প্ৰশিক্ষণ প্ৰদান কৰা কিছুলোকৰ মাজত চলি থকা শত্ৰুতাৰ বাবেই এই ঘটনা সংঘটিত হ’ব পাৰে পাৰে বুলি সন্দেহ কৰা হৈছে।

এই ঘটনাত দুগৰাকী মহিলাসহ পাঁচ গৰাকীৰ মৃত্যু হয় | মল্লযুঁজ এজন প্ৰশিক্ষকে তিনিজন প্ৰশিক্ষক সহ এগৰাকী মহিলা মল্লযুজাৰু সহ পাঁচজনক গুলীয়াই হত্যা কৰে । আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰা মতে এই ঘটনা পুৰণি ঘটনাৰ আলমতে সংঘটিত হৈছে ।

অভিযুক্ত সুখবেন্দ্ৰৰ চালচলন ঠিক নোহোৱাৰ বাবে দেউতাক মেহেৰ সিঙে সম্পত্তিৰ পৰা বেদখল কৰাৰ লগতে পত্নীয়েও তেওৰ সংগ ত্যাগ কৰিছিল | ইয়াৰ পিছত অভিযুক্ত সুখবেন্দ্ৰ জড়িত হৈছিল কলেজত প্ৰশিক্ষণত জড়িত হৈছিল, ইয়াতো তেওৰ স্বভাব পোহৰলৈ অহাত তাৰ পৰা আতৰোৱাৰ বাবে ব্যবস্থা লোৱাৰ সময়তে এইদৰে আক্ৰমন চলাই বুলি উল্লেখ কৰিছে | ঘটনা সংঘটিত কৰাৰ পিছতেই অভিযুক্ত হত্যাকাৰীয়ে পলায়ন কৰে ।অৱশ্যে এই সন্দৰ্ভত বৰ্তমানেও আৰক্ষীয়ে অভিযান অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply