হিংসাৰে সমস্যাৰ সমাধান নহয় : ৰাহুল গান্ধী।

দিল্লী – হিংসা কোনো সমস্যাৰ সমাধান নহয়। ক্ষতি আমাৰ দেশৰ হ’ব। দেশৰ বাবে কৃষি বিৰোধী আইন বাতিল কৰিব লাগে। দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলী হিংসাত্মক ৰূপ ধাৰণ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। টুইটাৰ যোগে ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া।

গণৰাজ্য দিৱসৰ দিনাই দিল্লীত সংঘটিত হৈছে হিংসাত্মক ঘটনা। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলে উলিওৱা ট্ৰেক্টৰ ৰেলী হিংসাত্মক ৰূপ ধাৰণ কৰিছে। আৰক্ষী আৰু কৃষক সকলৰ মাজত সংঘটিত হোৱা হতাহতিত ইতিমধ্যে এজন কৃষকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহু কৃষক।

কৃষকৰ ট্ৰেক্টৰ ৰেলী হিংসাত্মক ৰূপ লোৱাৰ পিছত দিল্লীত যি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰ একাউণ্টত টুইট কৰি লিখিছে যে “হিংসা কোনো ধৰণৰ সমস্যাৰ সমাধান নহয়। কোনোবাই আঘাতপ্ৰাপ্ত হ’লে ক্ষতি দেশৰ হ’ব”।

ৰাহুল গান্ধীয়ে টুইট যোগে দেশৰ বাবে কৃষি বিৰোধী আইন বাতিল কৰাৰ আহ্বানো জনাইছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিগত দুমাহ ধৰি দেশৰ কৃষক সকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলে গণৰাজ্য দিৱসৰ দিনাই এক বিশাল ট্ৰেক্টৰ ৰেলী উলিয়াই।

পুৱাৰ ভাগত কৃষক সকলে উলিওৱা বিশাল ট্ৰেক্টৰ ৰেলীয়ে আৰক্ষীৰ বাধাকো নেওচি আগুৱাই যায়। কৃষকৰ ট্ৰেক্টৰ ৰেলীয়ে আৰক্ষীৰ বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৰিছে। বৰ্তমানেও দিল্লীৰ পৰিৱেশ উত্তাল হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply