হোৱাটছএপৰ গোপনীয়তা নীতি

নিউজ ডেস্ক– নতুন গোপনীয়তা নীতি লৈ বিপাঙত পৰিছে হোৱাটছএপ ব্য়ৱহাৰকাৰী। বহুতেই এতিয়া হোৱাটছএপ আনষ্টল কৰি ডাউনল’ড কৰিছে বেলেগ এপ। হোৱাটছএপে নতুন নীতি সম্পৰ্কে এক স্পষ্টীকৰণ প্ৰকাশ কৰিছে, য’ত কোৱা হৈছে হোৱাটছএপৰ ব্যক্তিগত সংবেদনশীল বাৰ্তাত যিকোনো পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত নহ’ব।

হোৱাটছএপে ব্যক্তিগত একাউণ্টৰ যোগেদি ব্যৱহাৰকাৰীয়ে আপোনজনৰ লগত পতা কথাও Facebookলৈ প্ৰেৰণ কৰিব নেকি ? এই প্ৰশ্নৰ উত্তৰ দি ভট্টাচাৰ্যই কয় – Private messaging end-to-end encryption প্ৰক্ৰিয়াৰ যোগেদি সুৰক্ষিত থাকিব বুলি দাবী কৰিছে WhatsAppএ; কিন্তু Facebookক প্ৰদান কৰিব পাৰিব Business Accountৰ যোগেদি হোৱা কথোপকথনৰ সবিশেষ  আৰু প্ৰেৰণ কৰিব পাৰিব WhatsAppৰ যোগেদি কৰা bankৰ transaction । তাৰ পাছত এই তথ্য সমূহ Facebookএ আন প্ৰতিষ্ঠানক বিক্রী কৰাৰো অৱকাশ আছে।

টুইটাৰত শ্বেয়াৰ কৰা দুটাকৈ পোষ্টত ফেচবুকৰ মালিকানাধীন মঞ্চই কয় যে গোপনীয়তা নীতি আপডেটে তেওঁলোকৰ বন্ধু আৰু পৰিয়ালৰ সৈতে ব্যৱহাৰকাৰীসকলৰ চেটৰ গোপনীয়তা কোনো প্ৰকাৰে প্ৰভাৱিত নকৰিব, কিয়নো চেটত প্ৰেৰণ কৰা বাৰ্তাবোৰ এণ্ড টু-এণ্ড এনক্ৰিপশ্বনৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply