নিউজ ডেস্ক– বৃটেইনত আকৌ কৰোণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে। তীব্ৰ গতিত বৃদ্ধি পাইছে কৰোণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা । কৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৃটেইনৰ পৰা ভাৰতলৈ অহা সকলো বিমান চলাচল বন্ধ কৰি দিয়া হৈছে। ভাৰতে বৃটেইনৰ পৰা আহিবলগীয়া সকলো বিমান চলাচল ৩১ ডিচেম্বৰ ৰাতি ১২ বজাৰ লৈকে বন্ধ ৰখাৰ ব্যৱস্থা কৰিছে। ২২ ডিচেম্বৰ নিশা ১১ বাজি ৫৯ মিনিটৰ পৰা বন্ধ কৰা হব বিমান সমূহ। ২২ ডিচেম্বৰ নিশা বৃটেইনৰ পৰা ভাৰতলৈ অহা সকলো বিমান যাত্ৰীয়ে বিমান বন্দৰত আৰ টি- পি চি আৰ টেষ্ট কৰাটো বাধ্যতামূলক কৰা হৈছে।
Considering the prevailing situation in UK. Govt. of India has decided that all flights originating from UK to India to be suspended till 31st December 2020 (23.59 hours).
— MoCA_GoI (@MoCA_GoI) December 21, 2020
কৰোণা সংক্ৰমণৰ বাবেই দেওবাৰে বৃটেইনৰ বিভিন্ন ঠাইত লকডাউন ঘোষণা কৰা হৈছে। টুইটযোগে অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে এই কথা ঘোষণা কৰে।
বৃটেইনত কৰোণা সংক্ৰমণৰ বাবেই এইবাৰ খ্ৰীষ্টমাছ উদযাপন কৰা নহয়।
উল্লেখ্য যে বৃটেইনৰ লগত ইউৰোপীয় দেশসমূহৰ লগতে ছৌডি আৰব, কুৱেইট আদি দেশে লগতো যোগাযোগ বন্ধ কৰিছে। ছৌডি আৰৱে জলপথ,স্থলপথৰো সকলো আন্তৰ্জাতিক যোগাযোগ বন্ধ কৰিছে।