দেশৰ ২৫০ৰো অধিক টুইটাৰ একাউণ্ট ব্লক

নিউজ ডেস্ক- সাৱধান ! টুইটাৰৰ ওপৰত চৰকাৰৰ শেনচকু। আপোনাৰো ব্লক হ’ব পাৰে টুইটাৰ একাউন্ট। ইতিমধ্যে দেশৰ ২৫০ৰো অধিক টুইটাৰ একাউণ্ট ব্লক কৰি দিয়া হৈছে। চৰকাৰৰ নিৰ্দেশতে ব্লক কৰি দিয়া হৈছে একাউন্ট সমূহ। ইয়াৰ পূৰ্বে গণৰাজ্য দিৱসত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰায় ৫০০ টুইটাৰ একাউণ্ট ব্ল’ক কৰা হৈছিল। টুইটাৰৰ নিয়ম-নীতি উলংঘা কৰাৰ বাবে লৈছিল এই সিদ্ধান্ত।

ব্লক কৰা একাউণ্ট কেইটাৰ ভিতৰত আছে কিষাণ একতা মৰ্চাৰ আৰু বি কে ইউ একতা উগ্ৰাহনৰ সৈতে জড়িত লোকৰ টুইটাৰ একাউণ্ট। তদুপৰি বহু ব্যক্তিগত তথা সংগঠনৰো একাউণ্ট ব্লক কৰিছে যাৰ ভিতৰত মিডিয়া প্ৰতিষ্ঠানৰ টুইটাৰ একাউন্টো আছে।

কৃষক আন্দোলনক লৈ ভুৱা খবৰ বিয়পোৱাৰ অভিযোগত ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ নিৰ্দেশত টুইটাৰে ব্লক কৰি দিছে একাউন্ট সমূহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply