নিউজ ডেস্ক- ২৮ ফেব্ৰুৱাৰীলৈকে দেশত বন্ধ থাকিব বিমান চলাচল। কৰোণা মহামাৰীৰ পৰিপেক্ষিতত কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ ম্য়াদ বৃদ্ধি কৰিছে। অসামৰিক বিমান পৰিচালনা সঞ্চালকালয়ে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।
ভাৰতত কৰোণা মহামাৰীৰ সংক্ৰমণৰ বাবে যোৱা বৰ্ষৰ ২৩ মাৰ্চৰ পৰা যাত্ৰীবাহী আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল বন্ধ হৈ আছে। ‘বন্দে মাতৰম মিছন’ৰ আধাৰত মে’ ৰ পৰা মাত্ৰ কেইখনমান বিশেষ বিমান চলাচল কৰিছিল।
ব্ৰিটেইন, আৰৱ, কেনিয়া, ভূটান, ফ্ৰান্সকে ধৰি মুঠ ২৪খন দেশৰ লগত ভাৰতে ‘Air Bubble’ চুক্তি কৰে। ইয়াৰ পাছতে জুলাইৰ পৰা এই দেশ কেইখনৰ লগত যাত্ৰীবাহী বিমান চলাচল আৰম্ভ হৈছিল।
কিন্তু কৰোণা মহামাৰীৰ সংক্ৰমণৰ বাবে DGCA(Directorate General of Civil Aviation) য়ে ২৮ ফেব্ৰুৱাৰীলৈকে আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানৰ চলাচল সম্পূৰ্ণ ভাৱে বন্ধ থাকিব বুলি ঘোষণা কৰে।