নিউজ ডেস্ক – চাকিৰ পোহৰৰে উজ্বলি উঠিব ৰাম জন্মভূমি অযোধ্যা। এইবাৰ অযোধ্যাত উদযাপন কৰা হ’ব ‘দীপোৎসৱ২০২০’। তাৰবাবে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৰাম জন্মভূমি।
এইবাৰ দেৱালী উপলক্ষে অযোধ্যাৰ ৰাম মন্দিৰত জ্বলি উঠিব ৫.৫১লাখ মাটি চাকি।
গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তোলাৰ প্ৰচেষ্টা কৰা হৈছে এই ৫.৫১লাখ বন্তি প্ৰজ্বলনেৰে।
শনিবাৰে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল আনন্দি বেন পেটেল আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে উদ্ধোধন কৰিব ‘দীপোৎসৱ২০২০’ অনুষ্ঠানৰ।

ইতিমধ্যে অৱধ বিশ্ববিদ্যালয়ৰ ১০,০০০ ছাত্ৰক স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰা হৈছে। কাইলৈ ৩বজাত এই কাৰ্যসূচীৰ উদ্ধোধন কৰা হ’ব।লগতে ৰামজন্মভূমিৰ অস্থায়ী মন্দিৰতে পূজা অৰ্চনা কৰা হ’ব।
সম্পূৰ্ণ কভিড প্ৰট’কল মানিয়ে দীপোৎসৱ২০২০ আয়োজন কৰা হৈছে বুলি প্ৰশাসনে জনাইছে। প্ৰত্যেক প্ৰৱেশদ্বাৰত থাৰ্মেল স্কেনিং কৰাৰ বাবে এজন এজন চিকিৎসক থাকিব ।
সামাজিক ব্যৱধান ৰাখি যিমান সংখ্যক লোকে এই অনুষ্ঠানত অংশ ল’ব পাৰিব সেই ওপৰত ভিত্তি কৰি তাতকৈ আধা সংখ্যক লোককহে এই অনুষ্ঠানৰ বাবে অনুমতি পত্ৰ দিয়া হ’ব।