এটি শিশুৱে এবছৰত উপাৰ্জন কৰিলে ২২১কোটি

নিউজ ডেস্ক– ২০২০ বৰ্ষটো সমগ্ৰ বিশ্বৰ বাবে একোটা ভয়ানক সময় কিন্তু তাৰ মাজতে কিছু ব্য়তিক্ৰম দেখা গ’ল ইংলেণ্ডৰ টেক্সাছত। খেলা-ধূলা কৰি থকা বয়সৰ এটি কণমানিৰ উপাৰ্জন গম পালে আপোনাৰ চকু কপালত উঠিব। আপুনি জানি আচৰিত হ’ব যে ২০২০ চনত ইউটিউবৰ জৰিয়তে সর্বাধিক উপার্জন কৰিছে এটি ৯ বছৰীয়া শিশুৱে। এওঁ হ’ল মার্কিন যুক্তৰাষ্ট্রৰ টেক্সাছ চহৰৰ ৯ বছৰীয়া শিশু ৰিয়ান কাজী। সেই কণমানি লৰাটোৱে উপাৰ্জন কৰে ২২১ কোটি টকা। ৬বছৰ বয়সৰ পৰাই উপাৰ্জন কৰিছে কণমানি ৰিয়ান কাজীয়ে।

বিশ্বজুৰি ডিজিটেল মিডিয়াৰ প্ৰভাৱৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ই জনপ্ৰিয়তাৰ লগতে এক আয়ৰো প্লেটফর্ম। বহুতে ইয়াক আয়ৰ প্লেটফৰ্ম ৰূপে ব্যৱহাৰ কৰিছে। আয় আৰু জনপ্ৰিয়তাৰ এই জগতখনত আছে বহু ইউটিউবাৰ।

৩বছৰৰ বয়সৰ পৰাই ৰিয়ানে ইউটিউবত ভিডিঅ আপলড কৰি আহিছে। ‘ৰিয়ান্ছ ৱৰ্ল্ড’ নামৰ ৰিয়ানৰ এটা ইউ টিউব চেনেল আছে। ৰিয়ান কাজীয়ে ইউটিউবত খেলনা তথা গেম আনবক্স কৰে আৰু পর্যালোচনা কৰে। এনে কাৰ্যৰ ভিডিঅ’ৰ জৰিয়তে ২০২০ চনত কেৱল ইউটিউবৰ পৰা ২৯.৫ মিলিয়ন ডলাৰ অর্থাৎ প্রায় ২২১ কোটি আয় কৰিছে ৰিয়ানে। বৰ্তমান ৰিয়ানৰ ইউ টিউহ চেনেলটোত ৩০০কোটি ছাবস্ক্ৰাইবাৰ।

ইয়াৰ উপৰি তেওঁ বিশ্বৰ ব্রেন্ডেড খেলনা তথা পোছাকৰ জৰিয়তেও ২০০ মিলিয়ন ডলাৰ আয় কৰিছে। ৰিয়ানে সম্প্রতি নিজৰ টিভি ছিৰিজৰো চুক্তি কৰিছে। কাজীৰ সর্বাধিক জনপ্রিয় ভিডিঅ’ হৈছে হিউজেছ এগ ছাৰপ্রাইজ টয় চেলেঞ্জ, য’ত তেওঁৰ আছে ২ বিলিয়নৰো অধিক ভিউ। এই ভিডিঅ’টি ইউটিউবৰ ইতিহাসত সর্বাধিক প্ৰত্যক্ষ কৰা ৬০টা ভিডিঅ’ৰ অন্তর্ভুক্ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply