নিউজ ডেস্ক– এতিয়াৰে পৰা ৰন্ধন গেছ চিলিণ্ডাৰৰ বাবে বিশেষ কষ্ট কৰিবলগীয়া নহ’ব। গেছ এজেঞ্চীলৈ গৈ হেঁচা- ঠেলাও কৰিব নালাগে। কাৰণ ইণ্ডিয়ান অইলে গ্ৰাহকৰ বাবে আগবঢ়াইছে বিশেশ সুবিধা। ঘৰতে বহি এটা মিছ কলৰ জৰিয়তে বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ।
তাৰ বাবে ৮৪৫৪৯-৫৫৫৫৫ নম্বৰত মিছ কল দিলেই বুক হৈ যাব আপোনাৰ চিলিণ্ডাৰ। কিন্তু ৰেজিষ্টাৰ্দ মোবাইল নম্বৰৰ পৰাহে দিব পাৰিব মিছ কল। আনহাতে হোৱাটছ এপৰ জৰিয়তেও বুকিং কৰিব পাৰিব চিলিণ্ডাৰ। ইয়াৰ বাবে ইণ্ডিয়ান অইলে ৭৫৮৮৮৮৮৮২৪ নম্বৰ নিৰ্ধাৰণ কৰি দিছে।
ইফালে এছ এম এছৰ জৰিয়তেও বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ বাবে আপোনাৰ ৰেজিষ্টাৰ্দ মোবাইল নম্বৰৰ পৰা ৭৭১৮৯-৫৫৫৫৫- নম্বৰলৈ মেছেজ কৰিও বুকিং কৰিব পাৰিব চিলিণ্ডাৰ। সেইদৰে ইণ্ডিয়ান অইলৰ এপৰ জৰিয়তেও বুকিং কৰিব পাৰিব চিলিণ্ডাৰ। উল্লেখ্য় যে মিছ কল অথবা এছ এম এছ সম্পূৰ্ণ বিনামূলীয়া।
নৱৰ্ষৰ পহিলা দিনটোতে এই সেৱা মুকলি কৰিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।