নিউজ ডেস্ক– বলিউড অভিনেতা তথা ৰাজ কাপুৰৰ পুত্ৰ ৰাজীৱ কাপুৰৰ দেহাৱসান। মঙলবাৰে প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ পত্নী নিতু কাপুৰে ছ’চিয়েল মিডিয়া যোগে ৰাজীৱ কাপুৰৰ মৃত্যুৰ খবৰ অৱগত কৰে। ৰাজীৱ কাপুৰ প্ৰয়াত অভিনেতা ঋষি কাপুৰ আৰু ৰণধীৰ কাপুৰৰ ভাতৃ আছিল।
ৰাজীৱ কাপুৰে বলীউডৰ কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছিল। ”ৰাম তেৰি গংগা মেলি”, ”মেৰা সাথী” , ”হাম তো চলে পৰদেশ” চিনেমাত কৰা দুৰ্দান্ত অভিনয়ে দৰ্শকৰ মনত খাচ বহুৱাইছিল। অভিনেতাজনে ১৯৯১ চনত মুক্তি লাভ কৰা জনপ্ৰিয় চলচ্চিত্ৰ ”হেনা”ৰ প্ৰযোজনাও কৰিছিল। তেওঁৰ পৰিচালনা কৰা আন চলচ্চিত্ৰ কেইখন হৈছে ”প্ৰেম গ্ৰন্থ” আৰু ”আ ব লৌট চলে” ।
শেহতীয়াকৈ অভিনেতাজনক আশুটোষ গোৱাৰিকৰ ”তুলসীদাস জুনিয়ৰ” ত অভিনয় কৰিছিল। সুদীৰ্ঘ ২৮ বছৰৰ পিছত অভিনেতাজন অভিনয়ৰ জগতলৈ ঘূৰি আহিছিল ।
মৃত্যুৰ সময়ত ৰাজীৱ কাপুৰৰ বয়স আছিল ৫৮বছৰ।