হিন্দু দেৱ-দেৱীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি ৰঙা ঘৰৰ আলহী হ'ল এজন কমেডিয়ান

নিউজ ডেস্ক– এটা কমেডী শ্ব’ত ৰাম-সীতাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহকলৈ তাচ্ছিল্য কৰাৰ বাবে ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল কমেডিয়ান মনোৱাৰ ফাৰুকিক। মনোৱাৰৰ ঘৰ গুজৰাটৰ জুনাগড়ত। শুকুৰবাৰে ইন্দোৰৰ এটা কেফেত অনুষ্ঠিত হৈছিল এটা কমেডী শ্ব’। সেই অনুষ্ঠানত এক লাইভ শ্বত এই মন্তব্য প্ৰদান কৰে মনোৱাৰে ।

সেই অনুষ্ঠানতে উপস্থিত আছিল বিজেপি বিধায়কৰ পুত্ৰ একলব্য সিং গৌৰ । তেওঁৰ অভিযোগৰ ভিত্তিতএ মনোৱাৰক গ্ৰেপ্তাৰ কৰে ইন্দোৰ আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধি আইন অনুসৰি ২৯৫-এ ,২৬৯ ধাৰাত গোচৰ ৰুজু হৈছে কমেডিয়ান জনৰ বিৰুদ্ধে।

এই ঘটনাৰ লগত জড়িত আন পাঁচজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply