কৰ’না ভাইৰাছৰ ভেকচিনৰ বাবে ৩৪,০০০কোটি টকা

নিউজ ডেস্ক– কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ স্বাস্থ্যত ৭৪হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। আগন্তুক ৬বছৰত এই ধন ব্যয় কৰা হ’ব। দেশৰ ৬০২খন জিলা ইয়াৰ দ্বাৰা উপকৃত হ’ব। ৰাষ্ট্ৰীয় স্বাস্থ্য আন্ত:গাঁথনি শক্তিশালী কৰি তোলা হ’ব।

কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদ বাজেট ভাষণত কৰ’না ভাইৰাছৰ ভেকচিনৰ বাবে ৩৫,০০০কোটি টকা অনুমোদন দিয়া হৈছে। প্ৰয়োজন সাপেক্ষে আৰু ধন আৱন্টন কৰা হ’ব বুলিও বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে। শীঘ্ৰে দেশলৈ আহিব দুই বা তিনিটা আৰু ভেকচিন।

দেশৰ ২০খন চহৰৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ’ব। বহু প্ৰতিষ্ঠান উপকৃত হ’ব বুলি কোৱা হৈছে। লগতে বিত্ত মন্ত্ৰীয়ে কয় যে কোভিডৰ লগত যুঁজ কৰিবলৈ জিডিপিৰ ১৩ শতাংশ খৰচ হৈছে।

আশা কৰা মতেই এইবাৰৰ কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ সংস্কাৰত বিশেষ গুৰুত্ব দিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। স্বাস্থ্য খণ্ডত মুঠ ২ লাখ ৮৩ হাজাৰ কোটি টকা খৰচ কৰা হ’ব বুলি জনালে নিৰ্মলা সীতাৰমনে। স্বাস্থ্য খণ্ডত ব্যয় বৃদ্ধি কৰা হ’ব ১৭৩ শতাংশ। কমেও ১৫খন জৰুৰীকালীন হাস্পতাল গঢ়ি তোলা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply