দেশৰ কনিষ্ঠ পাইলট আয়েশা আজিজ

নিউজ ডেস্ক– দেশৰ কনিষ্ঠতম পাইলট হিচাপে অভিলেখ গঢ়িলে কাশ্মীৰৰ ২৫ বছৰীয়া আয়েশা আজিজে। ২০১১ চনত মাত্ৰ ১৫বছৰ বয়সতে বিমান উৰণৰ অনুজ্ঞা পত্ৰ লাভ কৰি দেশৰ কনিষ্ঠতম মহিলা পাইলট হিচাবে স্বীকৃতি লাভ কৰে।

ইয়াৰ পাছতে তেওঁ বোম্বাই ফ্লাইয়িং ক্লাবৰ (বিএফচি) পৰা বিমান উৰণৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০১৭ চনত বাণিজ্যিক অনুজ্ঞা পত্ৰ লাভ কৰে।

আয়েশা এতিয়া কাশ্মীৰৰ মহিলাসকলৰ বাবে হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস। আয়েশা আজিজে এই সন্দৰ্ভত কয় যে ,”তেওঁ বিশ্বাস কৰিছিল যে কাশ্মীৰী মহিলাসকলে যোৱা কেইবছৰমানত যথেষ্ট আগবাঢ়িছে আৰু শিক্ষাৰ ক্ষেত্ৰত ব্যতিক্ৰমীভাৱে ভাল কাম কৰিছে। প্ৰতিগৰাকী মহিলাই মাষ্টাৰ ডিগ্ৰী বা ডক্টৰেট কৰি আছে।”

লগতে আয়েশাই কয় যে ,”মই এই দিশতো বাছনি কৰিছিলো কাৰণ মই অতি কম বয়সৰ পৰা ভ্ৰমণ কৰি ভাল পাওঁ আৰু আকাশত উৰাৰ বাবে আকৰ্ষিত হৈছিলো। বহু লোকক লগ কৰিবলৈ সুযোগ পোৱা যায়। এইবাবেই মই এজন পাইলট হ’ব বিচাৰিছিলো। এইটো যথেষ্ট প্ৰত্যাহ্বানজনক কাৰণ এইটো এটা স্বাভাৱিক ৯ -৫ সময়ৰ চাকৰিৰ দৰে নহয়। কোনো নিৰ্দিষ্ট সময় নাই , সদায় নতুন স্থান, বেলেগ বেলেগ জলবায়ুৰ লগত খাপ খাব লাগে। ”
তেওঁ লগতে কয়, “এই বৃত্তিত মানসিক অৱস্থা অতি শক্তিশালী হ’ব লাগে কিয়নো আপুনি ২০০ জন যাত্ৰী বহন কৰিব আৰু এইটো এটা ডাঙৰ দায়িত্ব।”

কাশ্মীৰৰ দৰে ঠাইৰ পৰা বৰ্তমান সময়ত বহু মহিলা ওলাই আহি আত্মনিৰ্ভৰশীল হোৱাক লৈ যথেষ্ঠ সুখী অনুভৱ কৰিছে বুলিও প্ৰকাশ কৰে পাইলটগৰাকীয়ে।

মনৰ ইচ্ছা থাকিলে মানুহে যিকোনো বাধাকো নেওচি আগবাঢ়ি যাব পাৰে। সেই কথাকে প্ৰমাণ কৰি দেখুৱালে কাশ্মীৰৰ আয়েশা আজিজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply