নাইজাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০০জনৰো অধিক

নিউজ ডেস্ক– আফ্রিকান ৰাষ্ট্র নাইজাৰৰ দুখন গাঁৱত সন্ত্ৰাসবাদীয়ে চলোৱা ভয়াবহ আক্ৰমণত নিহত হয় ১০০ৰো অধিক লোক। চুমুবাংগ’ আৰু জাৰোমদাৰেয়ে নামৰ গাওঁদুখনত চলাই আক্ৰমণ।

মালি সীমান্তৰ নাইজাৰৰ এই গাঁও দুখনত সন্ত্রাসবাদীয়ে চলোৱা আক্রমণৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইছলামিষ্ট জেহাদী সংগঠনে আফ্রিকাৰ ছাহেল অঞ্চলত বিগত সময়ছোৱাত সংঘটিত কৰা সংঘর্ষৰ ঘটনাক কেন্দ্র কৰি সমগ্র অঞ্চলটোত উত্তেজনা অব্যাহত আছে ৷

সন্ত্ৰাসবাদীৰ আক্ৰমণত চুমুবাংগ’ত নিহত হৈছে ৭০জন লোকৰ আনহাতে জাৰোমদাৰেয়েত ৩০জন লোক নিহত হৈছে। আল–কায়দাৰ সৈতে জড়িত জেহাদী সংগঠনে সদৰী কৰিছে যে মালিত তিনিটাকৈ পৃথক আক্রমণৰ ঘটনাত তিনিজন ফৰাচী সৈনিক নিহত হৈছে ৷ পশ্চিম আফ্রিকা আৰু ইউৰোপীয় দেশৰ মিত্র বাহিনীয়ে ছাহেল অঞ্চলত ইছলামিষ্ট জেহাদীৰ বিৰুদ্ধে দীর্ঘদিন ধৰি চলাই আছে অভিযান ৷ এই অভিযানকালত ফৰাচী বাহিনীৰ ওপৰত কেইবাটাও ইছলামিষ্ট গোটে আক্রমণ চলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply