যোধপুৰ আদালতত অভিনেতা ছলমান খানক উপস্থিত থকাৰ নিৰ্দেশ

নিউজ ডেস্ক– এটা দীৰ্ঘদিনীয়া বিবাদ। বিগত ২২বছৰ ধৰি বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খান জড়িত হৈ আছে কৃষ্ণমৃগ চিকাৰৰ ঘটনাৰ সৈতে। ১৯৯৮ চনৰ ১২ অক্টোবৰত সংঘটিত হৈছিল সেই ঘটনা। যোধপুৰত শ্বুটিং চলি আছিল ”হম সাথ সাথ হেই” নামৰ চিনেমাখনৰ । সেই তেতিয়াই অভিনেতাগৰাকীয়ে তেওঁৰ সহঅভিনেতা ছেইফ আলী খান,নীলম, টাবুৰ সহযোগত হৰিণ চিকাৰ কৰিছিল। এই হৰিণ চিকাৰৰ দোষত অভিনেতাগৰাকীৰ বিৰুদ্ধে যোধপুৰ চি জে এম আদালতত গোচৰ ৰুজু হৈছিল। লগতে বাকীকেইজন অভিনেতাক আদালতে দোষমুক্ত ঘোষণা কৰে।

অভিনেতাগৰাকীৰ ওপৰত হৰিণ চিকাৰ সন্দৰ্ভত চাৰিটাকৈ গোচৰ ৰজু কৰা হৈছিল। সেই তেতিয়াৰ পৰা অভিনেতা গৰাকীৰ বিৰুদ্ধে চলি আছে হৰিণ চিকাৰৰ গোচৰ।

ৰাজস্থান উচ্চ ন্যায়ালয়ে অভিনেতা চলমান খানক হৰিণ চিকাৰ কৰাৰ ঘটনা সন্দৰ্ভত যোধপুৰৰ আদালতত ভিডিঅ’ কনফাৰেন্সৰ যোগেৰে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰিছে। অভিনেতাগৰাকীয়ে ৰাজস্থান উচ্চ ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে থকা হৰিণৰ চোৰাং চিকাৰ কৰা গোচৰ খাৰিছৰ বাবে আবেদন জনাইছিল।

ইয়াৰ লগতে অভিনেতাজনে মুম্বাই আদালতৰ অনলাইন বিচাৰ প্ৰক্ৰিয়াত উপস্থিত থকাৰ অনুমতি বিচাৰিছিল। যোধপুৰ উচ্চ ন্যায়ালয়ে অভিনেতাজনৰ এই আবেদন গ্ৰহণ কৰি কোভিড-১৯ ৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইৰ পৰা যোধপুৰ ভ্ৰমণ ভাবুকি বুলি বিবেচনা কৰি চলমান খানৰ আবেদনক এক সকাহ বুলি গণ্য কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply