মিজোৰামত জব্দ দুষ্প্ৰাপ্য কাছ Credit: ইষ্ট ম'জ'

আইজাল- বন্যপ্ৰাণী সৰবৰাহ কাৰ্যকলাপৰ বিৰুদ্ধে আছাম ৰাইফলছৰ আন এক সফলতা।বৃহস্পতিবাৰে মিজোৰামৰ টিয়াও নদীৰ সমীপৰ পৰা আছাম ৰাইফলছে জব্দ কৰে বিভিন্ন প্ৰজাতিৰ কেইবাটাও দুষ্প্ৰাপ্য কাছ।

ইয়াৰে ভিতৰত ২৯ টা লিঅ’পাৰ্ড কাছ , ৩৮ টা ৰঙা ভৰিৰ কাছ, ২৩টা হালধীয়া, কমলা, সেউজীয়া ৰঙৰ সৰিসৃপ প্ৰজাতিৰ প্ৰাণী উদ্ধাৰ কৰে বুলি অসম ৰাইফলছৰ এক সূত্ৰই প্ৰকাশ কৰে।

লগতে বন্যপ্ৰাণী সৰবৰাহৰ লগত জড়িত এজনকো আটক কৰে আছাম ৰাইফলছে। লোকজন মিজোৰামৰ চম্পাই জিলাৰ নিবাসী।

এক নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি অসম ৰাইফলছ আৰু শুল্ক বিভাগে যুটীয়া ভাৱে চলাইছিল এই অভিযান।

আটক কৰা ব্যক্তিজনক জব্দ কৰা সামগ্ৰীৰ সৈতে অধিক আইনী প্ৰক্ৰিয়াৰ বাবে শুল্ক বিভাগক হস্তান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply