জ’ বাইডেনে মনোনীত কৰিছে ২০গৰাকী ভাৰতীয় বংশোদ্ভৱক

নিউজ ডেস্ক– আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে অহা ২০ জানুৱাৰীত আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি গৰাকীয়ে হোৱাইট হাউছৰ বিভিন্ন পদবীৰ বাবে মনোনীত কৰিছে ২০গৰাকী ভাৰতীয় মূলৰ আমেৰিকানক। ভাৰতীয় বংশোদ্ভৱ আমেৰিকানৰ ভিতৰত আছে ১৩গৰাকী মহিলা।

ভাৰতীয় মূলৰ আমেৰিকান বিষয়ববীয়াসকল হৈছে মীৰা টেণ্ডন, ড০ বিবেক মূর্তি, ভনীতা গুপ্তা, উজ্ৰা জেয়া, মালা আদিগা, গৰিমা বার্মা, ছাব্রিনা সিং, আইছা শ্বাহ, ছমীৰা ফাজিলি, ভাৰত ৰামমূর্তি, গৌতম বাঘৱন, বিনয় ৰেড্ডী, বেদান্ত পেটেল, ছনিয়া আগৰৱালা আৰু বিদুৰ শর্মা৷ ইয়াৰ উপৰি তিনিগৰাকী ভাৰতীয় মূলৰ আমেৰিকানে হোৱাইট হাউছৰ ৰাষ্ট্রীয় নিৰাপত্তা পৰিষদত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ এই তিনিগৰাকী ভাৰতীয় মূলৰ আমেৰিকান নাগৰিক হৈছে তৰুণ ছাব্রা, সুমনা গুহ আৰু শান্তি কালাথিল৷

উল্লেখ্য় যে ইতিহাসত প্ৰথমবাৰৰ বাবে শপতগ্ৰহণৰ পূৰ্বে কোনো ৰাষ্ট্ৰপতিয়ে একেলগে ইমান কেইগৰাকী ভাৰতীয় মূলৰ আমেৰিকানক মনোনীত কৰিছে।
নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ লগতে একে দিনাই শপতগ্ৰহণ কৰি দেশখনৰ প্ৰথম মহিলা উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব কমলা হেৰিছে। কমলা হেৰিছ আমেৰিকাৰ প্ৰথম গৰাকী ভাৰতীয় মূলৰ মহিলা উপৰাষ্ট্ৰপতি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply