উদ্য়োগপতি ৰতন টাটা

নিউজ ডেস্ক- ৰতন টাটাৰ গাড়ীৰ নম্বৰপ্লেট ব্যৱহাৰ কৰি বিপদত পৰিল এগৰাকী মহিলা। ঘটনাটো মুম্বাইৰ। এগৰাকী মহিলাই ট্ৰাফিক নিয়ম উলংঘা কৰাৰ সময়তে বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হয়।

জৰিমনাৰ বাবে এখন চালান গাড়ীৰ পঞ্জীয়নভুক্ত নম্বৰলৈ প্ৰেৰণ কৰা হয়। কিছুদিন পূৰ্বে মুম্বাই আৰক্ষীৰ পৰা এখন চালান পঠোৱা হয় ৰতন টাটাৰ কাৰ্যালয়লৈ। বিষয়টোক লৈ যেতিয়া চৰ্চা হ’ল, তেতিয়া দেখা গ’ল যে যি স্থানত গাড়ীখনৰ চালান কটা হৈছিল, সেই স্থানত কেতিয়াও ৰতন টাটাৰ গাড়ী যোৱাই নাই।

প্ৰতাৰণাৰ ঘটনাটো দৃষ্টিগোচৰ কৰি ৰতন টাটাৰ কাৰ্যালয়ৰ পৰা আৰক্ষীক অবৈধভাৱে গাড়ীৰ নম্বৰ প্লেট ব্যৱহাৰৰ কথা জনোৱা হয়। আৰক্ষীৰ তদন্তত ওলাল যে দুখন গাড়ীৰ নম্বৰ একেই। নকল নম্বৰ প্লেট ব্যৱহাৰ কৰি অভিযুক্ত মহিলাগৰাকীয়ে আৰক্ষীৰ চকুত ধুলি দিব বিচাৰিছিল। আৰক্ষীয়ে গাড়ীখন জব্দ কৰে। মহিলাগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে প্ৰতাৰণাৰ গোচৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply