নিউজ ডেস্কঃ পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। দুটা মানৱ ৰূপী দানৱৰ কামনাৰ বলি হ’ল ১৪ বছৰীয়া এটি কিশোৰী আৰু ৬ মহীয়া এটি শিশু। সঁচাকৈ মানৱ জাতিটো কোন দিশে আগবাঢ়িছে তাক লৈ প্ৰশ্ন উত্থাপন হয়। তথ্য প্ৰযুক্তিৰ দিনটো এনে দানৱবোৰে কণ কণ শিশু-কিশোৰী তথা যুৱতীৰ জীৱন ধ্বংস কৰি আহিছে।

দৰাচলতে এই ঘটনা সংঘটিত হৈছে দিল্লীত। ৰাজ্যখনৰ সময়পুৰ বাদলী এলেকাত শনিবাৰে ৪০ বছৰীয়া এটা লম্পটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই দানৱটোৱে এটি ৬ মহীয়া কন্যা শিশুক ধৰ্ষণ কৰা বুলি জনাইছে আৰক্ষীয়ে।

জানিব পৰা মতে, ১৪ বছৰীয়া কিশোৰী আৰু ৬ মহীয়া শিশু দুয়ো ভগ্নী। ৪০ বছৰীয়া লম্পটটোৰ লগত থকা আনটো ধৰ্ষণকাৰীয়ে ১৪ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষণ কৰি পলায়ন কৰে। আৰক্ষীয়ে ইতিমধ্যে পলায়ন কৰা লম্পটোক কৰায়ত্ত কৰাৰ বাবে সন্ধান অব্যাহত ৰাখিছে।

জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা লম্পটো জহাংগীৰপুৰীৰ নিবাসী কমল মলহোত্ৰা ওৰফে চিনু। আনহাতে, পলায়ন কৰা ধৃত আনটো লম্পটৰ নাম ৰাজ ওৰফে ৰাজু। পীড়িত শিশু আৰু কিশোৰীগৰাকীৰ মাতৃয়ে যিকোনো প্ৰকাৰে ধৰ্ষণকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰি ন্যায় বিচাৰিছে আৰক্ষীৰ পৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply