নিউজ ডেস্কঃ দেশত ‘অগ্নিপথ’ আঁচনিৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘অগ্নিপথ আঁচনি’ৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদৰ জুই শুকুৰবাৰে দক্ষিণ ভাৰতলৈয়ো বিয়পি পৰে। হায়দৰাবাদ, নলগোণ্ডাতো ৰেল অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। শুকুৰবাৰে পুৱাই ছেকেন্দ্ৰাবাদ ষ্টেচনত ৰখাই থোৱা এখন যাত্ৰীবাহী ৰে’লত প্ৰতিবাদকাৰী সকলে অগ্নিসংযোগ কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে। ইতিমধ্যে আৰক্ষীৰ গুলীত এজন লোক নিহত আৰু ৮ জন গুৰুতৰ ভাৱে আহত হয়। আহত সকলক ছেকেন্দ্ৰাবাদৰ গান্ধী হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

প্ৰতিবাদকাৰীয়ে কলকাতা অভিমুখী ইষ্ট ক’ষ্ট এক্সপ্ৰেছ, অজন্তা এক্সপ্ৰেছ, এম এম টি এছ ৰে’লৰ দুটামান বগীও জ্বলাই দিয়াৰ উপৰিও ৰে’লৱেৰ অন্যান্য সম্পত্তিৰ ক্ষতিসাধন কৰে। ইয়াৰ পিছতে দক্ষিণ-মধ্য ৰে’লৱে কৰ্তৃপক্ষই ততাতৈয়াকৈ ছেকেন্দ্ৰাবাদ ষ্টেচনত প্ৰৱেশ কৰিবলগীয়া সকলো ৰে’ল বন্ধ কৰি দিয়ে।
ক্ষুব্ধ প্ৰতিবাদকাৰী সকলে ষ্টেচনত লাঠি আৰু শিলগুটিৰে দোকান আৰু কাৰ্যালয় ভাঙি বিস্তৰ ক্ষতিসাধন কৰে। আনকি আন্দোলনকাৰীয়ে ৰে’লৱেৰ সামগ্ৰী ট্ৰেকত পেলাই দি জুই লগাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply