নিউজ ডেস্ক : দেশত ক্ৰমাৎ ভালৰ দিশে আহিবলৈ ধৰিছে ক’ভিড পৰিস্থিতি। লাহে লাহে ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ লগতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছে দেশত। দেশৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিলে মে’ মাহৰৰ শেষৰ ফালে পৰিস্থিতি উন্নত হৈছে। দেওবাৰে ৫০ দিনৰ পিছত দেশত সবাতোকৈ কম লোক নতুনকৈ ক’ভিডত হোৱাৰ পিছত সোমবাৰৰ দিনটোত এই ধাৰা অব্যাহত থাকে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সোমবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ১ লাখ ২৭ হাজাৰ ৫১০ জন লোক। ক’ভিড সংক্ৰমণৰ লগতে সোমবাৰে দেশত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছে। সোমবাৰে দেশত মৃত্যুৰ মুখত পৰে ২ হাজাৰ ৭৯৫ জন ক’ভিড ৰোগী।
উল্লেখ্য যে এপ্ৰিল মাহৰে পৰা দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থাকৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। দেশজুৰি ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থাকৰ মাজতে বিগত চাৰিদিন ধৰি পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰিছে। বিগত চাৰিদিন ধৰি দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা দুই লাখৰ তলত আছে।
আৰু পঢ়কঃ কামপুৰৰ বৰপানী নদীত অচিনাক্ত মৃতদেহ উটি যোৱাক লৈ চাঞ্চল্য
ক’ভিড সংক্ৰমণৰ হাৰ চাৰিদিন ধৰি নিয়ন্ত্ৰণত আছে যদিও ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা তিনি হাজাৰৰ তলত নামে সোমবাৰৰ দিনটোত। দেশত ক’ভিড সংক্ৰমণৰ গতি আৰু মৃত্যুৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে ক’ভিড আক্রান্ত ৰোগী সুস্থ হৈ উঠা হাৰ বৃদ্ধি পাইছে। সোমাবাৰে দেশত ২ লাখ ৫৫ হাজাৰ ২৮৭ জন ক’ভিড ৰোগী ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিছে।