নিউজ ডেস্ক : ক্ৰমাৎ ভালৰ দিশে আহিবলৈ ধৰিছে দেশৰ ক’ভিড পৰিস্থিতি। লাহে লাহে ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ লগতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছে দেশত। দেশৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিলে দেওবাৰৰ দিনটো আছিল বহু গুণে উন্নত। ৫০ দিনৰ পিছত দেশত সবাতোকৈ কম লোক নতুনকৈ ক’ভিডত আক্রান্ত হয় দেওবাৰৰ দিনটোত।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেওবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ১ লাখ ৫২ হাজাৰ ৭৩৪ জন লোক। দেওবাৰে দেশত ৫০ দিনৰ পিছত ইমান কম সংখ্যক লোক এদিনত ক’ভিডত আক্রান্ত হৈছে। ক’ভিড সংক্ৰমণৰ লগতে দেওবাৰে দেশত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছে। দেওবাৰে দেশত মৃত্যুৰ মুখত পৰে ৩ হাজাৰ ১২৮ জন ক’ভিড ৰোগী।
উল্লেখ্য যে এপ্ৰিল মাহৰে পৰা দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থাকৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। দেশজুৰি ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থাকৰ মাজতে বিগত তিনিদিন ধৰি পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰিছে। বিগত তিনিদিন ধৰি দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা দুই লাখৰ তলত আছে।
লগতে পঢ়ক : নগাঁৱত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী
ক’ভিড সংক্ৰমণৰ হাৰ তিনিদিন ধৰি নিয়ন্ত্ৰণত আছে যদিও ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা তিনি হাজাৰৰ তলত নাম নাই। অৱশ্যে দেওবাৰে মৃত্যুৰ সংখ্যা কিছু হ্ৰাস পাইছে। দেশত ক’ভিড সংক্ৰমণৰ গতি হ্ৰাস পোৱাৰ লগতে ক’ভিড আক্রান্ত ৰোগী সুস্থ হৈ উঠা হাৰ বৃদ্ধি পাইছে। দেওবাৰে দেশত ২ লাখ ৩৮ হাজাৰ ২২ জন ক’ভিড ৰোগী ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিছে।