নিউজ ডেস্ক : কিছু নিয়ন্ত্ৰণলৈ আহিছে দেশত ক’ভিডৰ সংহাৰী ৰূপ। এপ্ৰিল মাহৰে পৰা দেশত তাণ্ডৱ চলাই থকা ক’ভিডৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে দেশত। দুদিন ধৰি দেশত ধাৰাবাহিকভাৱে নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা দুই লাখৰ তলত আছে। ৪৪ দিন পিছত দেশত সবাতোকৈ কম লোক ক’ভিডত আক্রান্ত হৈছিল বৃহস্পতিবাৰে। বৃহস্পতিবাৰৰ দিনটোত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল ১ লাখ ৮৬ হাজাৰ ৩৬৪ জন লোক। আনহাতে শুকুৰবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ১ লাখ ৭৩ হাজাৰ ৭৯০ জন লোক।
সংক্ৰমণৰ হাৰৰ লগতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও পূৰ্বৰ তুলনাত হ্ৰাস পাইছে দেশত। বিগত প্ৰায় দুমাহ ধৰি দেশত অব্যাহত আছে মাৰাত্মক ক’ভিডৰ তাণ্ডৱলীলা। প্ৰতিদিনে দেশত লক্ষাধিক লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈ থকাৰ সমান্তৰালে মৃত্যুৰ মুখত পৰি আছে কেইবাহাজাৰ লোক। ইয়াৰ মাজতে দেশত দুদিন ধৰি আক্রান্তৰ সংখ্যা দুই লাখৰ তলত আছে। দেশত বিগত ৪৪ দিন ধৰি ধাৰাবাহিকভাৱে প্ৰতিদিনে ২ লাখৰ ওপৰত নতুনকৈ লোক ক’ভিডত আক্রান্ত হৈ থকাৰ পিছত বৃহস্পতিবাৰৰ দিনটোত দেশত ক’ভিডৰ সংক্ৰমণ ২ লাখৰ তললৈ নামিছিল।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ১ লাখ ৭৩ হাজাৰ ৭৯০ জন লোক। আক্রান্তৰ সংখ্যা লগতে শুকুৰবাৰে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও কিছু হ্ৰাস পায়। শুকুৰবাৰে দেশত মৃত্যুৰ মুখত পৰে ৩ হাজাৰ ৬১৭ জন ক’ভিড ৰোগী। ইয়াৰ পৰিবৰ্তে ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২ লাখ ৮৪ হাজাৰ ৬০১।
লগতে পঢ়ক : খাদ্য আৰু অসামৰিক যােগান বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে
উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত দেশত ক’ভিডত নতুনকৈ আক্রান্ত হৈছিল ১ লাখ ৮৬ হাজাৰ ৩৬৪ জন লোক। আনহাতে মৃত্যুৰ মুখত পৰিছিল ৩ হাজাৰ ৬৬০ জন ক’ভিড ৰোগী। ক’ভিড সংক্ৰমণৰ লগতে আক্রান্তৰ দিশৰ পৰা ভাৰতৰ স্থান সমগ্ৰ বিশ্বতে দ্বিতীয়। ইয়াৰ পৰিবৰ্তে আমেৰিকা আৰু ব্ৰাজিলৰ পিছতে সৰ্বাধিক ক’ভিড ৰোগীৰ মৃত্যু হৈছে ভাৰতত।