নিউজ ডেস্ক : কিছু নিয়ন্ত্ৰণলৈ আহিছে দেশত ক’ভিডৰ সংহাৰী ৰূপ। এপ্ৰিল মাহৰে পৰা দেশত তাণ্ডৱ চলাই থকা ক’ভিডৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে দেশত। ৪৪ দিন পিছত দেশত সবাতোকৈ কম লোক ক’ভিডত আক্রান্ত হয় বৃহস্পতিবাৰে। বৃহস্পতিবাৰৰ দিনটোত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ১ লাখ ৮৬ হাজাৰ ৩৬৪ জন লোক। সংক্ৰমণৰ হাৰৰ লগতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও পূৰ্বৰ তুলনাত হ্ৰাস পাইছে দেশত।
বিগত প্ৰায় দুমাহ ধৰি দেশত অব্যাহত আছে মাৰাত্মক ক’ভিডৰ তাণ্ডৱলীলা। প্ৰতিদিনে দেশত লক্ষাধিক লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈ থকাৰ সমান্তৰালে মৃত্যুৰ মুখত পৰি আছে কেইবাহাজাৰ লোক। দেশত বিগত ৪৪ দিন ধৰি ধাৰাবাহিকভাৱে প্ৰতিদিনে ২ লাখৰ ওপৰত নতুনকৈ লোক ক’ভিডত আক্রান্ত হৈ থকাৰ পিছত বৃহস্পতিবাৰৰ দিনটোত দেশত ক’ভিডৰ সংক্ৰমণ ২ লাখৰ তললৈ নামে। ৪৪ দিনৰ পিছত দেশত ২ লাখৰ তলত লোক নতুনকৈ আক্রান্ত হয় ক’ভিডত।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ১ লাখ ৮৬ হাজাৰ ৩৬৪ জন লোক। আক্রান্তৰ সংখ্যা লগতে বৃহস্পতিবাৰে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও কিছু হ্ৰাস পায়। বৃহস্পতিবাৰে দেশত মৃত্যুৰ মুখত পৰে ৩ হাজাৰ ৬৬০ জন ক’ভিড ৰোগী। ইয়াৰ পৰিবৰ্তে ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২ লাখ ৫৯ হাজাৰ ৪৫৯।
লগতে পঢ়ক : অসমত পুনৰ বৃহস্পতিবাৰে ৫,৭০৪ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত
উল্লেখ্য যে বুধবাৰৰ দিনটোত দেশত ক’ভিডত নতুনকৈ আক্রান্ত হৈছিল ২ লাখ ১১ হাজাৰ ২৯৮ জন লোক। আনহাতে মৃত্যুৰ মুখত পৰিছিল ৩ হাজাৰ ৮৪৭ জন ক’ভিড ৰোগী। ক’ভিড সংক্ৰমণৰ লগতে আক্রান্তৰ দিশৰ পৰা ভাৰতৰ স্থান সমগ্ৰ বিশ্বতে দ্বিতীয়। ইয়াৰ পৰিবৰ্তে আমেৰিকা আৰু ব্ৰাজিলৰ পিছতে সৰ্বাধিক ক’ভিড ৰোগীৰ মৃত্যু হৈছে ভাৰতত।