নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী। দেওবাৰে নিশা পুলৱামাৰ গুণ্ডিপোৰাত উগ্ৰপন্থীৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ পিছতে এই এনকাউণ্টাৰ হয়। গোটেই নিশা নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত সোমবাৰে পুৱা এজন উগ্ৰপন্থীক গুলীয়াই হত্যা কৰে।

লগতে পঢ়কঃ মণিপুৰত সন্দেহজনক আই ই ডি বিস্ফোৰণ; এজন নিহত, ৪জন আহত

কাশ্মীৰ জ’নৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে প্ৰকাশ কৰা মতে এই অভিযানত কনিষ্টবল ৰেয়াজ আহমদৰ হত্যাকাৰীকে ধৰি দুজন জৈইছ-ই-মহম্মদৰ উগ্ৰপন্থীকো কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ১৩ মে’ত পুলৱামাত উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল কনিষ্টবল ৰেয়াজ আহমদ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply