পশ্চিমবংগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত নিহত হয় ১০ জনকৈ লোকৰ। বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি অগ্নিসংযোগ কৰা হৈছিল বাসগৃহ কেইটাত।
পশ্চিমবংগৰ বীৰভূমত সংঘটিত হৈছে এই ঘটনা। তৃণমূল কংগ্ৰেছৰ এজন পঞ্চায়ত সদস্য ভদু শ্বেইখক সোমবাৰে নিশা হত্যা কৰাৰ পিছতেই এই ঘটনা সংঘটিত হয়। ১০ৰ পৰা ১২ টা পৰিয়ালক আবদ্ধ কৰি অগ্নি সংযোগ কৰিছে দুৰ্বৃত্তৰ দলে।
এতিয়ালৈকে উদ্ধাৰকাৰী দলে এটা বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে ৭ টা মৃতদেহ। আন এটা বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে ৩ টা মৃতদেহ। তৃণমূল কংগ্ৰেছৰ নেতাক হত্যাৰ প্ৰতিশোধতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। জ্বলন্ত মৃতদেহ সমূহ চিনাক্ত কৰিব পৰা অবস্থাত নাছিল বুলি মন্তব্য কৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ দলে।