নিউজ ডেস্ক : চিকিৎসালয় সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ১০ জনকৈ ক’ভিড ৰোগীৰ অগ্নিকাণ্ডৰ ফলত মৃত্যু। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত।

শনিবাৰে মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলা চিকিৎসালয়ত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ১০ জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো ৰোগী অহাত হোৱা বুলি জানিব পৰা গৈছে।

চিকিৎসালয়খনত ক’ভিড ৰোগীৰ ৱাৰ্ডত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিৰ হোৱাৰ বাবেই ১০ জন ক’ভিড ৰোগী অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে। চিকিৎসালয়খন ক’ভিড ৰোগীৰ আই চি ইউত এই অগ্নিকাণ্ড সংঘটিত হয়।

লগতে পঢ়ক : বিখ্যাত IOWA বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে যাত্ৰা তিনিচুকীয়াৰ লক্ষীমা চুতীয়াৰ

অগ্নিকাণ্ড সংঘটিত হোৱা সময়ৰ আই চি ইউ ৱাৰ্ডত ১৭ জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছিল। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply