নিউজ ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ এটা চূণশিলৰ খনিত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ।

কাডাপ্পা জিলাত অৱস্থিত চূণশিলৰ খনিটোত বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ ঘটি ১০ জনকৈ শ্ৰমিক নিহত হয়।

আৰু পঢ়কঃ ক’ভিডত আক্রান্ত বলিউডৰ কুইন জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱত

শিল ভাঙিবলৈ সেই স্থানত প্ৰচুৰ পৰিমাণে বিস্ফোৰক সামগ্ৰী মজুত কৰা হৈছিল।

বিস্ফোৰণত বহুকেইজন শ্ৰমিক আহত হোৱাৰ উপৰিও কেইবাজনো শ্ৰমিক নিখোজ হৈ থকা বুলি জানিব পৰা গৈছে।

অন্ধ্ৰপ্ৰদেশৰ দুৰ্যোগ প্ৰশমন বিভাগে খনিটোত উদ্ধাৰ কাৰ্য চলাই আছে।

খনিটোৰ ভিতৰত এতিয়াও বহু কেইজন শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে লগতে নিহত শ্ৰমিকৰ সংখ্যা আৰু অধিক হোৱাৰ আশংকা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply