নিউজ ডেস্কঃ ম’ষ্ট ৱাণ্টেড ড’ন ডাউড ইব্ৰাহিমৰ ১০ স্থানত অভিযান চলাইছে এনফৰ্চমেন্ট ডায়ৰেক্টৰ চমুকৈ ইডিয়ে। প্ৰায় ১৫ দিন পূৰ্বে এনআইএ-য়ে ডাউডৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ পাছতে মুম্বাইৰ এই স্থান কেইটাত ইডিয়ে অভিযান চলায়।
ইডিয়ে মানী লণ্ডেৰিং আৰু ড্ৰাগছৰ ব্যৱসায়ৰ সন্দৰ্ভত বহু তথ্য লাভ কৰিছে। তাৰপাছতে ইডিয়ে ডাউড ইব্ৰাহিমৰ এই স্থানসমূহত অভিযান চলোৱা বুলি জানিব পৰা গৈছে।
ইডিয়ে এই কথা স্পষ্ট কৰি দিয়ে যে, আণ্ডাৰৱ’ৰ্ল্ডৰ কেইজনমান সদস্য আৰু একাংশ ৰাজনৈতিক নেতাৰ ওপৰতো তেওঁলোকে দৃষ্টি ৰাখিছে। উল্লেখ্য যে, ১৯৯৩চনত মুম্বাইত সংঘটিত বিস্ফোৰণত ডাউড ইব্ৰাহিমৰ হাত আছিল। আৰু ১৯৮০চনত ভাৰতৰ পৰা বহিঃৰাষ্ট্ৰলৈ পলাই গৈ নিজৰ এক অপৰাধৰ সাম্ৰাজ্য গঢ়িছে ডাউডে।